নিউজ ডেস্ক, ২২ জুলাই, ২০২৩ : মণিপুৰত দুগৰাকী মহিলাক উলংগ কৰি নিৰ্যাতন চলোৱা পঞ্চমজন অপৰাধী গ্ৰেপ্তাৰ। জঘন্য ঘটনাৰ লগত জড়িত সকলৰ সন্ধানত অভিযান অধিক তীব্রতৰ কৰিছে মণিপুৰ আৰক্ষী। যোৱা ৩ মে’ৰ পৰা হিংসাৰ জুইত জ্বলি আছে মণিপুৰ। ৪ মে’ৰ দিনা দুগৰাকী মহিলাক একাংশ দুস্কৃতিকাৰীয়ে উলংগ কৰি ৰাজপথত পেৰেড কৰাই নিৰ্যাতন চলাইছিল (Manipur Viral Video)।

মণিপুৰত মহিলাক উলংগ কৰি পেৰেড কৰাই নিৰ্যাতন চলোৱাৰ গোচৰৰ পঞ্চমজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আনহাতে জঘন্য ভিডিঅ’টোত দেখা পোৱা আন অভিযুক্ত সকলক গ্ৰেপ্তাৰ কৰিবলৈ মণিপুৰ আৰক্ষীয়ে ব্যাপক অভিযান চলাই আছে। মহিলাক উলংগ কৰি পেৰেড কৰাই নিৰ্যাতন চলোৱা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সমগ্ৰ দেশৰ লগতে বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ভাইৰেল ভিডিঅ’ কাণ্ডৰ লগত জড়িত মূল অভিযুক্তসহ চাৰিজনক পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল। যোৱা ২৪ ঘন্টাত মণিপুৰৰ পৰিস্থিতি উদ্বেগজনক হৈ আছে। বহু ঠাইত মানুহে শান্তিপূৰ্ণভাৱে বিক্ষোভ প্ৰদৰ্শন কৰি ভাইৰেল ভিডিঅ’ৰ অভিযুক্ত সকলক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবী জনাই আছে। আৰক্ষী আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে ভাইৰেল ভিডিঅ’ৰ অভিযুক্ত সকলক বিচাৰি বিভিন্ন স্থানত তালাচী অভিযান চলাই আছে। ৰাজ্যৰ বিভিন্ন জিলাত মুঠ ১২৬ টা চেক প’ষ্ট স্থাপন কৰা হৈছে। লগতে এই পৰ্যন্ত নিয়ম ভংগ কৰা ৪১৩ জন লোকক আটক কৰিছে আৰক্ষীয়ে।

স্থানীয় ৰাইজক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে আৰক্ষীয়ে। লগতে কোনো ধৰণৰ উৰাবাতৰিক বিশ্বাস নকৰিবলৈ কোৱা হৈছে। মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে এই গোচৰত এতিয়ালৈকে একাংশ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন বহু অভিযুক্তক এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই বুলি কৈছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কৈছে যে আমি সম্পূৰ্ণৰূপে স্তম্ভিত হৈছো। দোষীক দৃষ্টান্তমূলক শাস্তিৰ আশ্বাস দিছো। সম্ভৱ হ’লে মৃত্যুদণ্ডৰ দাবী কৰিম। ৰাইজক আহ্বান জনাইছো যে ৰাস্তা বন্ধ নকৰিব আৰু লগতে নিৰাপত্তা বাহিনীক বাধা নিদিব। ৰাজ্যবাসীৰ হৈ এই ঘটনাক গৰিহণা দিছো।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ ভাইৰেল ভিডিঅ’ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই ঘটনাক গৰিহণা দিছে। প্ৰধানমন্ত্ৰী য়ে কৈছে যে মণিপুৰৰ ঘটনাই দেশৰ ১৪০ কোটি জনতাক লজ্জানত কৰিছে। একে সময়তে মণিপুৰত নাৰীক উলংগ কৰি পেৰেড কৰাৰ বিষয়টো সংসদলৈ আহিল। শুকুৰবাৰে এই বিষয় সন্দৰ্ভত সংসদৰ দুয়োটা সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। উল্লেখ্য যে যোৱা ৩ মে’ৰ পৰা মণিপুৰত দুই সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ চলি আছে। এই সংঘৰ্ষত শতাধিক লোক নিহত হোৱাৰ লগতে আহত হৈছে বহু লোক।