গুৱাহাটী, ২৬ জুন, ২০২৩ : উৎকোচ লৈ পুনৰ দুজন চৰকাৰী কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত (Two govt employee arrested)। উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পৰিল চৰকাৰী কৰ্মচাৰী দুজন। উৎকোচ লৈ এইবাৰ হাত দাঙিলে এজন লাট মণ্ডল আৰু এজন কনিষ্ঠ অভিযন্ত্ৰা। লাট মণ্ডলজনে মাটিৰ কাম কৰি দিয়াৰ বিনিময়ত দাবী কৰিছিল ধন। কনিষ্ঠ অভিযন্ত্ৰাজনে বিল মুকলি কৰি দিয়াৰ বিনিময়ত বিচাৰিছিল ধন। ধন দাবী কৰা লোক কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ।

দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযানত (Anti Corruption Drive) ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী আৰু বিষয়া পৰিছে জালত। ইয়াৰ পিছতো একাংশ দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী আৰু বিষয়াই এৰা নাই দুৰ্নীতিৰে ধন ঘটাৰ সহজ পথ। ধনৰ লোভ চম্ভালিব নোৱাৰি দুৰ্নীতিৰে ধন ঘটিবলৈ গৈ পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল দুজনকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। ইয়াৰে এজন লাট মণ্ডল আৰু আনজন কনিষ্ঠ অভিযন্ত্ৰা।

লাট মণ্ডলজন ১৫ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল আৰু কনিষ্ঠ অভিযন্ত্ৰাজন পৰিল ৫ হাজাৰ টকা লৈ থকা অৱস্থাত। ১৫ হাজাৰ টকা লৈ জালত পৰা লাট মাণ্ডলজন হৈছে মৰিগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত কৰ্মৰত নৱজ্যোতি নাৰহ। মাটিৰ কাম কৰি দিয়াৰ বাবে এজন লোকৰ পৰা নৱজ্যোতি নাথে দাবী কৰিছিল ৩০ হাজাৰ টকা। পৰৱৰ্তী সময়ত এই উৎকোচৰ ধন হ্ৰাস পাই ২৫ হাজাৰ টকা হৈছিল। ইয়াৰে ১৫ হাজাৰ টকা সোমবাৰে (২৬ জুন) লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে লাট মণ্ডল নৱজ্যোতি নাথ। দুৰ্নীতি নিবাৰক শাখাই নৱজ্যোতি নাথৰ কবলৰ পৰা উৎকোচৰ ১৫ হাজাৰ টকা উদ্ধাৰ কৰি জব্দ কৰে।

এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৪৭/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থা অব্যাহত আছে। সোমবাৰে (২৬ জুন) দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰা আনজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী হৈছে কনিষ্ঠ অভিযন্ত্ৰা চাবিবৰ ৰহমান। কোকৰাঝাৰ জিলাৰ দেৱীতলা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্ত্ৰা চাবিবৰ ৰহমান।
বিল মুকলি কৰি দিয়াৰ বিনিময়ত এজন লোকৰ পৰা ১৫ হাজাৰ টকা উৎকোচ দাবী কৰিছিল চাবিবৰ ৰহমানে। ইয়াৰে ৫ হাজাৰ টকা সোমবাৰে (২৬ জুন) লৈ থকা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে আটক কৰে চাবিবৰ ৰহমানক। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে চাবিবৰ ৰহমানৰ কবলৰ পৰা উৎকোচৰ ৫ হাজাৰ টকা উদ্ধাৰ কৰি জব্দ কৰে। এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৪৮/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থা অব্যাহত আছে।