আজিজ আলী

মুকালমুৱা : চোৰাং চাউল ভৰ্তি বাহনসহ এজন চাউলৰ ব্যৱসায়ী আটক। নলবাৰী জিলাৰ মুকালমুৱাৰ অন্তৰ্গত দৌলাশালৰ বামুণবড়ীত চোৰাং চাউল ভৰ্তি এখন বাহনসহ চাউলৰ ব্যৱসায়ী এজনক আটক কৰে দৌলাশাল আৰক্ষীয়ে।

দৌলাশাল আৰক্ষীয়ে অভিযান চলাই পিডিএছৰ চাউল ভৰ্তি এএছ-২৫-ইচি-১৩৬৮ নম্বৰৰ এখন চাউল ভৰ্তি বাহন জব্দ কৰে। আৰক্ষীয়ে সূলভ মূল্যৰ বগা চাউলৰ ক’লা ব্যৱসায় কৰা বামুণবড়ীৰ নজৰুল হক নামৰ চাউল ব্যৱসায়ীজনক চাউল ভৰ্তি বাহনসহ আটক কৰে।

আৰক্ষীয়ে অভিযানত জব্দ কৰা চাউল ভৰ্তি ট্ৰাকখন নজৰুল হকৰ বুলি জানিব পৰা গৈছে। সূলভ মূল্যৰ চোৰাং চাউলৰ ব্যৱসায়ত নজৰুল হকৰ লগত আৰু কোন জড়িত আছে সেয়া আৰক্ষী তদন্ততহে পোহৰলৈ আহিব। চাউলৰ ক’লা বেহাৰ বিৰুদ্ধে সৰৱ হৈছে নলবাৰী আৰক্ষী তথা জিলা প্ৰশাসন।