গুৱাহাটী 

৭ জুলাই

৭২ সংখ্যক বন মহােৎসৱৰ সৈতে সংগতি ৰাখি বুধবাৰে ৰাজ্য চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগে চাংসাৰিস্থিত সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্রতিষ্ঠানৰ চৌহদত আয়ােজন কৰা ৰাজ্যিক পর্যায়ৰ অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহৎ বৃক্ষৰােপন কাৰ্যসূচীত অংশগ্রহণ কৰি ৰুদ্রাক্ষ গছপুলি ৰােপন কৰে। এই উপলক্ষে আয়ােজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ক’ভিড-১৯ মহামাৰীয়ে জনসাধাৰণক অক্সিজেনৰ প্ৰয়ােজনীয়তা সম্পর্কে শিকাইছে আৰু সেয়েহে ৰাজ্যখনৰ বনাঞ্চল আৰু জীৱ বৈচিত্র্য সংৰক্ষণৰ দিশত সকলােৱে প্রচেষ্টা চলাব লাগিব।

তেওঁ লগতে কয় যে বহনক্ষম পাৰিপাৰ্শ্বিকতা বজাই ৰখাৰ বাবে সেউজ আৱৰণৰ গুৰুত্ব সম্পর্কে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত বন মহােৎসৱে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে। অসম বন আৰু জীৱ বৈচিত্র্য সংৰক্ষণ প্রকল্পৰ অধীনত পুনৰ বনানীকৰণৰ বাবে লােৱা ব্যৱস্থাৰাজিৰ ক্ষেত্ৰত কিদৰে অগ্রগতি লাভ কৰা গৈছে সেই সম্পর্কত যথাযথ নিৰীক্ষণ কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ এই ক্ষেত্ৰত বন বিভাগৰ দ্বাৰা উপগ্রহ প্রতিচ্ছৱিৰ দৰে প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ প্রয়ােজনীয়তাৰ ওপৰতাে গুৰুত্ব আৰােপ কৰে। কেম্পা আৰু অন্যান্য জীৱ বৈচিত্র্য প্রকল্পৰ অধীনত লােৱা বৃক্ষৰােপনৰ কাৰ্যসূচীৰ সত্যতা পৰীক্ষা কৰাৰ বাবে ড্র’নৰ জৰিয়তে জৰীপ কৰিব লাগিব বুলিও তেওঁ কয়।

ৰাজ্যখনৰ বনাঞ্চল আৰু সমৃদ্ধ জীৱ বৈচিত্ৰ্যৰ সুৰক্ষাৰ বাবে বন বিভাগৰ বিষয়াসকলে সমর্পিতভাৱে কাম কৰাৰ প্ৰয়ােজনীয়তাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বনাঞ্চল ধ্বংসৰ ফলত নগাঁও জিলাৰ বামুণীপাহাৰত হাতীৰ মৃত্যুৰ লেখীয়া ঘটনাৰ পুনৰাবৃত্তি নহয়, তাৰ বাবে ৰাজ্য চৰকাৰে শীঘ্ৰে বিভাগটোত ব্যাপক সংস্কাৰ আৰম্ভ কৰিব। যদি বনাঞ্চল বিপদাপন্ন হয়, তাৰ বাবে বন বিভাগৰ বিষয়া কৰ্মচাৰীক দায়বদ্ধ কৰা হ’ব আৰু এনেকুৱা বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে লগতে জনাই যে ৰাজ্য চৰকাৰে অভয়াৰণ্য আৰু বনাঞ্চলত কাম কৰা বনৰক্ষীসকলক দৰমহাৰ সৈতে এক মাহৰ বাধ্যতামূলক চুটি দিয়াৰ বিষয়টো বিবেচনা কৰি আছে। তেওঁ লগতে কয় যে বালি, শিল আদিৰ দৰে বনসম্পদ সংৰক্ষণৰ বাবে বন বিভাগৰ বিষয়াসকলে কাম কৰিব লাগিব।

তেওঁ লগতে কয় যে দুর্নীতি আৰু বনজ সম্পদৰ অবৈধ যােগান নিয়ন্ত্রণ কৰাৰ বাবে ফৰেষ্ট বীট আৰু গেটসমূহ বিলুপ্ত কৰা হ’ব। জনসাধাৰণে যাতে তেওঁলােকৰ ব্যক্তিগত ভূমিত আগৰ, ৰঙা চন্দন বা অন্যান্য মূল্যৱান গছ ৰােপন কৰিব পাৰে আৰু তেওঁলােকে যাতে ব্যক্তিগত ভূমি খনন আৰু মাটি পূৰণৰ উদ্দেশ্যৰে বিক্ৰী কৰিব পাৰে তাৰ বাবে নিয়মসমূহ সৰলীকৰণ কৰাৰ ওপৰতাে মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰােপ কৰে। অনুষ্ঠানত বনমন্ত্রী পৰিমল শুক্লবৈদ্য, স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, উদ্যোগ মন্ত্রী চন্দ্রমােহন পাটোৱাৰী, সাংসদ কুইন ওজা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, বিধায়কসকল ক্রমে দিগন্ত কলিতা, সুমন হৰিপ্রিয়া, হেমাংগ ঠাকুৰীয়া, নন্দিতা দাস, প্রধান মুখ্য বন সংৰক্ষক অলকা ভাৰ্গৱ প্ৰমুখ্যে অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।