নিউজ ডেস্ক : ৰাজ্যত পুনৰ আৰক্ষীৰ গুলী চালনা। পুনৰ আৰক্ষীৰ গুলীত আহত হৈছে তিনিজনকৈ অপৰাধী। যোৰহাটৰ কুখ্যাত ড্ৰাগছ মাফিয়া পচা গুলীবিদ্ধ হৈছে যোৰহাট আৰক্ষীৰ গুলীত। লখিমপুৰ আৰক্ষীৰ গুলী লাগিল দুজন ড্ৰাগছ সৰবৰাহকাৰীক।

যোৰহাট নগৰৰ কুখ্যাত ড্ৰাগছ মাফিয়া ৰমেশ বাছফৰ ওৰফে পচাক কেন্দ্ৰ কৰি যোৰহাটৰ হৰিজন কলনীত কিছুদিন পূৰ্বে সৃষ্টি হৈছল এক হিংসাত্মক ঘটনা। ইয়াৰ পিছতে যোৰহাট আৰক্ষীয়ে পচাক গ্ৰেপ্তাৰ কৰিছিল যদিও যোৰহাট আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছিল পচা।

যোৰহাট আৰক্ষীৰ কবলৰ পৰা পলায়ন কৰি পচা আত্মগোপন কৰি আছিল ধুবুৰীত। যোৰহাট আৰক্ষীয়ে ধুবুৰীত অভিযান চলাই অৱশেষত পচাক পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধুবুৰী পৰা পচাক গ্ৰেপ্তাৰ কৰি যোৰহাট আৰক্ষীয়ে পচাক যোৰহাটলৈ আনি থকা অৱস্থাত পচা পুনৰ পলায়নৰ চেষ্টা চলায়।

নিশা প্ৰায় দুই বজাত প্ৰস্ৰাৱ কৰাৰ কৌশলেৰে যোৰহাট আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে যোৰহাট আৰক্ষীয়ে পচাৰ ভৰিত লক্ষ্য কৰি গুলী চালনা কৰে। আহত কুখ্যাত ড্ৰাগছ মাফিয়া পচাক যোৰহাট আৰক্ষীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে।

ইফালে লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক লগত লৈ ড্ৰাগছ বিৰোধী অভিযান চলাবলৈ যাওঁতে আৰক্ষীৰ কবলৰ পৰা পলাবলৈ চেষ্টা চলাই গুলীবিদ্ধ হয় দুজন ড্ৰাগছ সৰবৰাহকাৰী। গুলীবিদ্ধ হোৱা ড্ৰাগছ সৰবৰাহকাৰী দুজন আজিজুৰ ৰহমান আৰু ছাইফুল আলী।

বান্দৰদৱাত আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয়। আহত দুয়োকে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ড্ৰাগছ সৰবৰাহকাৰী আজিজুৰ ৰহমানৰ ঘৰ নগাঁওৱত আৰু ছাইফুল আলী লখিমপুৰৰ বাসিন্দা।