মৰিগাঁও : কেঁচুৱা লৈ মছজিদৰ চাদৰ ওপৰত উঠিল এগৰাকী মহিলা। হাতত কেঁচুৱা লৈ মছজিদৰ চাদৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা মহিলা গৰাকীৰ। ন্যায় বিচাৰি মহিলা গৰাকীয়ে কাষ চাপিছিল আৰক্ষীৰ। কিন্ত আৰক্ষীৰ ফালৰ কোনো ধৰণৰ সঁহাৰি নাপাই মহিলা গৰকীয়ে এই পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হয়।

মৰিগাঁও জিলাৰ মিকিৰগাঁৱত বুধবাৰে পুৱাৰ ভাগৰ পৰাই সৃষ্টি হয় এক উত্তেজনাময় পৰিৱেশৰ। প্ৰায় ৪ ঘণ্টাজোৰা এই উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে এগৰাকী মহিলাই। হাতত এটি পানী কেঁচুৱা লৈ গাঁওখনৰ মছজিদৰ নিৰ্মাণ কাৰ্য চলি থকা চাদৰ ওপৰৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা মহিলা গৰাকীয়ে।

অভিযোগ মতে মহিলা গৰাকীৰ স্বামী ৰিয়াজুদ্দিন আহমেদে দীৰ্ঘদিন ধৰি মহিলা গৰাকীক মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাই আহিছিল৷ এই সন্দৰ্ভত জালুগুটি আৰক্ষী পহৰাচকীত স্বামী আৰু স্বামীৰ পৰিয়ালৰ মুঠ ৪ জন লোকৰ বিৰুদ্ধে গোচৰ তৰিছিল মহিলা গৰাকীয়ে৷ কিন্ত অভিযোগ মতে আৰক্ষীয়ে এই সন্দৰ্ভত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে।

যোৱা ১২ নৱেম্ববৰ তাৰিখে মহিলা গৰাকীয়ে দিয়া গোচৰটোত আৰক্ষীয়ে কেৱল যৌতুকজনিত ৪৯৮ ধাৰা লগাই সকলো গাপ দিয়াৰ চেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে।এজাহকাৰী ভাষ্য মতে কন্যা সন্তান জন্ম হোবাৰ বাবে মহিলা গৰাকীৰ ওপৰত মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাইছিল স্বামী আৰু স্বামী পৰিয়ালৰ লোকে।

২ মহীয়া সন্তানৰ মাতৃ মহিলা গৰাকীক যৌন উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপন কৰে মহিলা গৰাকীয়ে৷ স্বামীয়ে মহিলা গৰাকীৰ লগতে কনমানি ২ মহীয়া সন্তানটিকো খাদ্যৰ যোগান ধৰা নাছিল৷ অৱশেষত নিৰাশ হৈ মিকিৰগাঁৱৰ মছজিদৰ চাদত উঠি আত্মহত্যাৰ চেষ্টা চলায় মহিলা গৰাকীয়ে। ৰাইজে মছজিদৰ চাদত মহিলা গৰাকীক প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফ বাহিনী উপস্থিত হৈ মহিলা গৰাকীক মছজিদৰ চাদৰ পৰা নমাবলৈ চেষ্টা চলায় যদিও সক্ষম নহয়। প্ৰায় ৪ ঘণ্টাৰ অন্তত গাঁৱৰ ৰাইজৰ সহযোগত মৰিগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন শইকীয়াই কৌশলেৰে মহিলা গৰাকীক কণমানি কেঁচুৱাসহ মছজিদৰ চাদৰ পৰা নমাই আনিবলৈ সক্ষম হয়। মহিলা গৰাকীক মছজিদৰ চাদৰ পৰা নামি অহাৰ পিছতেই গাঁৱৰ ৰাইজ উত্তেজিত হৈ পৰে।

উত্তেজিত ৰাইজে লাঠী, শিল, ইটা আদিৰে আৰক্ষীক আক্ৰমণ চলায়। অভিযুক্ত ৰিয়াজুদ্দিন আহমেদক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাৰ বাবে উত্তেজিত হৈ পৰে গাঁৱৰ ৰাইজ। কেঁচুৱাটিৰ সৈতে মহিলা গৰাকীক আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়ে যদিও সস্থানীয় ৰাইজে বাধা প্ৰদান কৰে। পৰৱৰ্তী সময়ত দণ্ডাধীশৰ উপস্থিতিত আৰু আৰক্ষীৰ প্ৰতিশ্ৰুতিত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।

আৰক্ষীয়ে সমগ্ৰ ঘটনা গুৰুত্ব সহকাৰে লৈ তদন্ত সম্পূৰ্ণ নোহোৱালৈ কেঁচুৱা আৰু মাতৃৰ থকা আৰু খোৱাৰ ব্যৱস্থা কৰা হ’ব বুলি প্ৰকাশ কৰে। মহিলা গৰাকীয়ে দণ্ডাধীশক ভৰিত ধৰি ন্যায় বিচাৰে। ইতিমধ্যে অভিযুক্ত ৰিয়াজুদ্দিন আহমেদ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে।