ৰঙিয়া, ১৪ ছেপ্টেম্বৰঃ মণিপুৰৰ উগ্ৰপন্থী সংগঠন কেচিপি (এমচিপি)ৰ জিলা কামাণ্ডাৰ চাগলছেম বৈচা সিঙক ৰঙিয়াত আটক কৰা হয়৷ প্ৰাপ্ত তথ্য মতে, ৰঙিয়াৰ মৰাণজাণাত আত্মগোপন কৰি থকা অৱস্থাত কামৰূপ আৰক্ষীয়ে অভিযান চলাই চাগলছেম বৈচা সিঙক আটক কৰে৷ ধৃত উগ্ৰপন্থীজনে বিগত কেবাদিন ধৰি মৰাণজানাত এজন সহযোগীৰ সৈতে বাহৰ পাতি আছিল। আজি পুৱতি নিশা আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত মৰাণজাণাৰ এটা গৃহত অভিযান চলাই কেচিপিৰ পূৱ ইম্ফল জিলাৰ কামাণ্ডাৰ চাগলছেমক আটক কৰে৷ আৰক্ষীসূত্ৰে জানিব পৰা অনুসৰি চাগলছেমৰ আন এজন সহযোগীয়ে কূটাঘাটমূলক কাৰ্য্যৰ বাবে গ্ৰেণেড আনিবলৈ যোৱাত আৰক্ষীয়ে তেওঁ আটক কৰিবলৈ ব্যৰ্থ হয়। আৰক্ষীয়ে আটকাধীন উগ্ৰপন্থীজনৰ পৰা অধিক তথ্য লাভ কৰিবলৈ মাৰাথন জেৰা অব্যাহত ৰাখিছে।