গুৱাহাটী, ১৪ চেপ্তেম্বৰঃ গুৱাহাটীত আহি আছে আমূল গাখীৰৰ পাউচ্ছ পেক। এই কথা সদৰি কৰিলে বৃহত্তম খাদ্যপণ্য সংস্থা তথা আমূল ব্ৰেণ্ডৰ বিপণনকাৰী গুজৰাট কো-অপাৰেটিভ মিল্ক মার্কেটিং ফেডাৰেশ্বন লিমিটেডে (জিচিএমএমএফ)। উল্লেখ্য যে, ভাৰতৰ স্বাধীনতা লাভৰ আগতেই ১৯৪৬ত খেতিয়কসকলৰ সমবায় আন্দোলনৰ শক্তিৰ এক অসাধাৰণ দৃষ্টান্ত হ’ল আমূল। আমূলে সমগ্ৰ ভাৰতত নিতৌ ১২৫ লাখ লিটাৰ গাখীৰ বিক্ৰী কৰে। ২৭,০০০ কোটি টকাৰ ব্ৰেণ্ড জিচিএমএমএফয়ে পাউচ্ছ পেকৰ গাখীৰৰ বজাৰত ইয়াৰ অংশীদায়িত্ব ২৫ শতাংশ। আমূল ব্ৰেণ্ডে গুৱাহাটীৰ ১৭ লাখ মানুহৰ মাজত আমূলৰ পাউচ্ছ পেক লৈ অহাৰ লক্ষ্য নির্ধাৰণ কৰিছে। ইয়াৰ জৰিয়তে আমূলে গুজৰাট, দিল্লী আৰু এনচিআৰ, উত্তৰাখণ্ড, পঞ্জাব, উত্তৰপ্ৰদেশ, পশ্চিমবংগ, মহাৰাষ্ট্র, মধ্যপ্ৰদেশ, ৰাজস্থান, অন্ধপ্রদেশ, তেলেংগানা, ছত্তিছগড়, ঝাড়খণ্ড, গোৱা আৰু হিমাচল প্রদেশৰ লগতে উত্তৰ-পূৱতাে নিজৰ সতেজ খাদ্যপণ্যসমূহ বিক্ৰী কৰিব। আমূল গাখীৰৰ পাউচ্ছ পেক গুৱাহাটীৰ বজাৰত মুকলি কৰি জিচিএমএমএফেৰ চীফ অপাৰেটিং অফিচাৰ কে এম ঝালাই কয় যে, আমাৰ সতেজ পণ্যসমূহৰ বাবে  অসম তথা উত্তৰ-পূৰ্বাঞ্চলক এখন সম্ভাৱনাময় বজাৰৰ ৰূপত চিনাক্ত কৰিছো। গুৱাহাটীত নিতৌ ৩.২০ লাখ লিটাৰ গাখীৰ বিক্ৰী হয় আৰু ইয়াৰ ৫০ শতাংশই খোলাকৈ বিক্ৰী হয়। খোলা গাখীৰৰ গুণমান গোটেই বছৰটােতেই একে নাথাকে। কিন্তু আমূল পাউচ্ছৰ গাখীৰত সেই নিশ্চয়তা থাকে। গুৱাহাটীৰ উপভোক্তাসকলৰ মাজত আমি পাউচ্ছ মিল্ক, পেকেট দৈ, পেকেট লস্য বিক্ৰী কৰিব খোজো, কাৰণ গুৱাহাটীৰ উপভোক্তাসকলে খাদ্যপণ্যৰ গুণমানক লৈ অত্যন্ত সচেতন আৰু তেওঁলোকে আমূলৰ দৰে শক্তিশালী এটা ব্ৰেণ্ডৰ সৈতে যুক্ত হ’ব খোজে। গুৱাহাটীৰ উপভোক্তাসকলৰ মাজত আমি সুলভ মূল্যত গুণমানসম্মত সতেজ খাদ্যপণ্য বিক্ৰী কৰিব খোজো। আমূল গাখীৰৰ পাউচ্ছ পেকৰ পেকেজিং হ’ব চন্দ্ৰপুৰত অৱস্থিত উচ্চক্ষমতাসম্পন্ন অট’মেটেড প্লেণ্টত। ইয়াৰ পৰা উচ্চ গুণমান তথা স্বাস্থ্য বিধিসন্মত খাদ্যপণ্য উৎপাদিত হয়। আমূলে গুৱাহাটীৰ টাটকা গাখীৰৰ বজাৰৰ ৪০ শতাংশৰ অংশীদাৰ হােৱাৰ লক্ষ্য নির্ধাৰণ কৰিছে। আমূলে টােনড ফ্ৰেছ মিল্ক আমূল তাজাৰ ৫০০ মিলিলিটাৰৰ প্ৰতিটাে পাউচ্ছ পেক ২২ টকাত, প্ৰাইচ পইণ্ট পেক ১০ টকাত আৰু ষ্টেণ্ডার্ডাইজড ফ্লেছ মিল্ক আমূল শক্তিৰ ৫০০ মিলিলিটাৰৰ প্ৰতিটাে পাউচ্ছ পেক ২৪ টকাত বিক্ৰী কৰিব। আমূল গাখীৰৰ এই পাউচ্ছ পেকবােৰ এতিয়াৰ পৰা পুৱা গুৱাহাটীৰ খুচুৰা মাল বিক্ৰীৰ দােকানসমূহত উপলব্ধ হ’ব। শীঘ্ৰে আমূলৰ আন আন সতেজ খাদ্যপণ্য যেনে আমূল মস্তি দহী আৰু আমূল লস্যিও বজাৰত উপলব্ধ হ’ব। টেট্রা পেকত আমূল তাজা ইতিমধ্যে বিক্ৰী হৈছে আৰু এই পেকেটে প্ৰথম স্থান দখল কৰিছে।