আজিজ আলী
মুকালমুৱা : বৰক্ষেত্ৰী উন্নয়ন খণ্ডত পুনৰ দুজন কৰ্মচাৰীক নিলম্বনৰ নিৰ্দেশ। এইবাৰ নিলম্বন হ’ল খণ্ড উন্নয়ন বিষয়া। বৰক্ষেত্ৰী উন্নয়ন খণ্ডত নিতৌ ফাদিল হৈছে দুৰ্নীতিৰ তথ্য। অভিযন্তা আৰু কম্পিউটাৰ সহায়কসহ পাঁচ গৰাকীকৈ কৰ্মচাৰীক কেইদিনমান পূৰ্বে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল।

বৰক্ষেত্ৰী উন্নয়ন খণ্ডটোত কাম কৰা পূৰ্বৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া নেকিবুৰ ৰহমান আৰু বৰ্তমানৰ নলবাৰী জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ছাহজাহান আলী আহমেদক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে। পূৰ্বৰ বিধায়ক নাৰায়ন ডেকাৰ কাৰ্যকালত বিভিন্ন আঁচনিৰ নামত উন্নয়ন খণ্ডটোত সংঘটিত হৈছিল সীমাহীন দুৰ্নীতি।

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত আয়ুক্তই বৰক্ষেত্ৰী উন্নয়ন খণ্ডত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত চলাইছিল। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ পৰা দুৰ্নীতি নিৰ্মূলকৰণৰ বাবে বিভিন্ন পন্থা হাতত লোৱাৰ সময়তে ৰাজ্যৰ অন্য ঠাইৰ লগতে বৰক্ষেত্ৰী উন্নয়ন খণ্ডত উন্মোচিত হৈছে বহু কেলেংকাৰীৰ তথ্য।

এই কেলেংকাৰীৰ সৈতে আৰু কোন কোন জড়িত আছে সেয়া নিশ্চয় অতি সোনকালে পোহৰলৈ আহিব। এতিয়া ৰাইজৰ মনত প্ৰশ্ন উত্থাপন হৈছে নিলম্বিত বিষয়া-কৰ্মচাৰী সকলে কাৰ সাহসত এনেদৰে লুন্ঠন চলাইছিল। দুৰ্নীতিৰ সৈতে জড়িত পুঠি-খলিহনাৰ পিচত ৰৌ-বৰালীবোৰ জালত পৰিব নে ?