গুৱাহাটী, ২২ মে’ : আজি ঘোষণা কৰা হ’ল হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (HSLC Exam Result)। এইবাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত কাহিলিপাৰা জাতীয় বিদ্যালয়ৰ গৌৰৱ হৈ উজলিল উপকুল পৰাশৰ নামৰ ছাত্ৰজন। উপকুল পৰাশৰে লাভ কৰিবলৈ সক্ষম হৈছে পঞ্চম স্থান। ভৱিষ্যতে এজন ভাল মানুহ আৰু মানৱ জাতিক সেৱা আগবঢ়াবলৈ চিকিৎসক হোৱাৰ আশা উপকুল পৰাশৰ।

আজি পুৱা ১০ বজাত ঘোষণা কৰা হয় ২০২৩ বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ফলাফল ঘোষণাৰ পিছতে কাহিলিপাৰা জাতীয় বিদ্যালয়ত দেখিবলৈ পোৱা যায় এক উৎসৱমুখৰ পৰিৱেশ। এফালে যদি বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকল বিদ্যালয়খনৰ চৌহদত ফটকা ফুটাই আনন্দত আত্মহাৰা হৈ পৰে আনফালে আকৌ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ মুখমণ্ডল উজলি উঠে গৌৰৱেৰে।

কাহিলিপাৰা জাতীয় বিদ্যালয়ৰ উপকুল পৰাশৰ নামৰ ছাত্ৰজনৰ সাফল্যই বিদ্যালয়খনৰ প্ৰতি গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীক আনন্দত উটুৱাই নিয়ে। কাহিলিপাৰা জাতীয় বিদ্যালয়ৰ ছাত্ৰ উপকুল পৰাশৰে হাই স্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৫৯০ নং লাভ কৰি অসমৰ ভিতৰতে পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ পৰা প্ৰথমবাৰৰ বাবে উপকুল পৰাশৰে হাই স্কুল শিক্ষান্ত পৰীক্ষাত স্থান দখল কৰিবলৈ সক্ষম হৈ বিদ্যালয়খনকলৈ গৌৰৱ কঢ়িয়াই আনিছে।

উপকুল পৰাশৰে প্ৰথম দহটাৰ ভিতৰত স্থান দখল কৰিব বুলি আশাবাদী আছিল যদিও হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ সময়ত প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত উপকুল পৰাশৰ আত্মবিশ্বাস হেৰুৱাই পেলাইছিল। বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে পিতৃ-মাতৃয়ে উপকুল পৰাশৰক সকলো সময়তে উৎসাহিত কৰি আহিছিল আৰু ইয়াৰে ফলস্বৰূপে আজি উপকুল পৰাশৰে এই সাফল্য লাভ কৰিবলৈ সক্ষম হ’ল।

ভৱিষ্যতে এজন ভাল মানুহ হৈ মানৱ জাতিক সেৱা আগবঢ়াই নিয়াৰ বাবে চিকিৎসা হোৱাৰ আশা উপকুল পৰাশৰৰ। এইবাৰ কাহিলিপাৰা জাতীয় বিদ্যালয়ৰ পৰা ৫১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাই স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল, ইয়াৰে ৫০ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ লৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য স্থান দখল কৰা উপকুল পৰাশৰৰ মাতৃ কাহিলিপাৰা জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী।