গুৱাহাটী, ২১ আগষ্টঃ গুৱাহাটীস্থিত অসম পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত স্বচ্ছাথন ১.০ শীৰ্ষক স্বচ্ছতামূলক এক অভিযান মুকলি কৰা হয়৷ অসম চৰকাৰৰ পানী আৰু অনাময় বিভাগৰ পৃষ্ঠপোষকতাত আৰু অভিযান সঞ্চালকালয়, স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)ৰ উদ্যোগত আয়োজিত অভিযানটো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত সচিব ভিবি প্যাৰেলালে বন্তি প্ৰজ্বলনেৰে মুকলি কৰে৷ উল্লেখ্য যে ইতিমধ্যেই ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা ৯৮ গৰাকী প্ৰতিনিধিয়ে এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ টয়লেটৰ ব্যৱহাৰ নিৰীক্ষণ, স্বভাৱগত পৰিৱৰ্তন, টয়লেট প্ৰযুক্তি, ঋতুস্ৰাৱজনিত আৱৰ্জনাৰ সুৰক্ষিত নিষ্কাশনৰ বাবে প্ৰযুক্তিগত সমাধান, বিদ্যালয়ৰ টয়লেটসমূহৰ সঠিক ব্যৱহাৰ আৰু মল-মূ্ত্ৰ আদিৰ তাৎক্ষণিক নিষ্কাশনক বিষয় হিচাপে লৈ বহুসংখ্যাক অংশগ্ৰহণকাৰীয়ে উদ্ভাৱনীয় তথা পৰামৰ্শমূলক উপস্থাপন প্ৰদৰ্শন কৰে৷ কাৰ্যসূচী উদ্বোধনৰ পিছতে আদৰণি ভাষণতস্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)ৰ মিছন সঞ্চালক সিদ্ধাৰ্থ সিঙে কয় যে, টয়লেট নিৰ্মাণ মাত্ৰ এক সুবিধাহে, আমি ইয়াৰ সক্ৰিয় আৰু সুৰক্ষিত ব্যৱহাৰ নিশ্চিত কৰিব লাগিব৷ আমি ইতিমধ্যে স্বচ্ছতাৰ দিশত সজাগতা অনাৰ বাবে তৃণমূল পৰ্যায়ৰ পৰা কাম কৰাৰ উদ্দেশ্যে বিগত বছৰটোত অসমৰ বিভিন্ন বিদ্যালয়ত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰিছো৷ এইক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতেও জড়িত হৈছো আৰু ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত ১৭২ খন মহাবিদ্যালয়ে স্বচ্ছতা সমিতি গঠন কৰি কাম কৰি আছে৷ স্বচ্ছাথন ১.০ হৈছে ৰাইজৰ পৰা স্বচ্ছতা সন্দৰ্ভত আহ্বান কৰা ধাৰণাৰ এক মঞ্চ৷ আশা কৰো এই মঞ্চই লক্ষ্যত উপনীত হ’ব পাৰিব৷ উল্লেখ্য যে বিগত এটা বছৰত অভিযান সঞ্চালকালয়ৰ অধীনত ৮.৫ লাখ পৰিয়াললৈ শৌচালয় প্ৰদানৰ লক্ষ্য হাতত লোৱা হৈছিল আৰু এই সময়ছোৱাত ১০.৪ লাখ পৰিয়াললৈ এই সুবিধা প্ৰদান কৰা হৈছে৷ ২০১৭ৰ ভিতৰত অসমক মুকলিত শৌচমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্য হাতত লোৱাৰ পিছত ইতিমধ্যেই নলবাৰী আৰু কামৰূপ মহানগৰ জিলাই মুকলিত শৌচমুক্ত ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছে৷ শীঘ্ৰেই চিৰাং আৰু শিৱসাগৰ জিলাইয়ো এই স্বীকৃতি লাভ কৰিব বুলি আশা কৰা হৈছে৷  অনুষ্ঠানতশিক্ষা প্ৰতিষ্ঠান, বেচৰকাৰী সংগঠন, কোম্পানী কেবাগৰাকী প্ৰতিনিধিয়ে টয়লেট প্ৰযুক্তিৰ ওপৰত ধাৰণাসমূহ প্ৰদৰ্শন কৰে৷ ৰাজ্য চৰকাৰৰ মুখ্য সচিব ভি কে পিপাৰছেনিয়াই অনুষ্ঠানটোত স্বচ্ছ ভাৰত মিছনৰ দ্বাৰা প্ৰযোজিত আৰু উপকূল বৰদলৈৰ দ্বাৰা পৰিচালিত অজানিতে মনে মনে শীৰ্ষক স্বচ্ছতাৰ ভেঁটিত নিৰ্মাণ কৰা ছবিখনৰ ট্ৰেইলাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে৷ অনুষ্ঠানৰ সামৰণি ভাষণত পিপাৰছেনিয়াই কয় যে, কেৱল টয়লেট নিৰ্মাণ কৰি তথা ব্যৱহাৰৰ কথা কৈ থাকিলেই আমি আমাৰ লক্ষ্যত কেতিয়াও উপনীত হ’ব নোৱাৰিম৷ আমি স্বভাৱগত আৰু মানসিক চিন্তাধাৰাৰ শুধৰণি কৰিব লাগিব৷ উল্লেখ্য যে অসম চৰকাৰে স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)ৰ এক অংশ হিচাপে ভাৰত চৰকাৰে ২০১৯ৰ ভিতৰত দেশক মুকলিত শৌচমুক্ত কৰি গঢ়ি তোলাৰ লক্ষ্যক ক্ষীপ্ৰতৰ কৰি তোলাৰ বাবে এই স্বচ্ছাথন ১.০ শীৰ্ষক অভিযানলানি আৰম্ভ কৰা হৈছে৷ এই কাৰ্যসূচী কেন্দ্ৰীয়ভাৱে ভাৰত চৰকাৰৰ খোৱাপানী আৰু অনাময় বিভাগে নিৰীক্ষণ কৰাৰ লগতে ৰাজ্যিক পৰ্যায়ত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে তদাৰক কৰি আছে৷