নিউজ ডেস্ক : এখন মেডিকেল কলেজ আৰু হাস্পাতাল আৰম্ভ কৰোতে অহা সমস্যা আৰু প্ৰত্যাহ্বানসমূহ বুজিবলৈ অঞ্চলটোৰ ৫০ জনতকৈ অধিক বিশিষ্ট আৰু প্ৰগতিশীল চিকিৎসকে মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ত এক স্পন্দনশীল আলোচনাত অংশগ্ৰহণ কৰে। পি এ চাংমা ইণ্টাৰনেশ্যনেল মেডিকেল কলেজ এণ্ড হস্পিতাল ইউ এছ টি এম (USTM) আৰু ই আৰ ডি ফাউণ্ডেশ্যন গুৱাহাটীৰ এক পদক্ষেপ।

স্বাস্থ্যসেৱা বিশেষজ্ঞসকলৰ পৰা পৰামৰ্শ আৰু নিৰ্দেশনা লাভ কৰাৰ উদ্দেশ্যে ইয়াত ইউ এছ টি এমৰ দ্বাৰা এই অধিবেশনৰ আয়োজন কৰা হয় যাতে বিশ্ববিদ্যালয়ে তেওঁলোকৰ আগন্তুক মেগা প্ৰজেক্টত স্বাস্থ্যসেৱাৰ পদক্ষেপসমূহৰ যত্ন ল’ব পাৰে। অধিবেশনৰ আৰম্ভ ইউ এছ টি এমৰ প্ৰতিষ্ঠাপক আচাৰ্য আৰু ইউ এছ টি এমৰ আগন্তুক মেগা প্ৰজেক্টৰ আঁৰৰ দূৰদৰ্শী মহবুবুল হকে পাৱাৰ পইণ্ট প্ৰেজেণ্টেচনেৰে কৰে। চিকিৎসকসকলক আদৰণি জনাই মহবুবুল হকে কয় যে তেওঁ ৰোগীৰ যত্ন, শিক্ষকতা আৰু গৱেষণা এই তিনিটা ভিন্ন দৃষ্টিভংগীৰে প্ৰতিভাৱান চিকিৎসক বিচাৰিছে। তেওঁ কয় যে প্ৰাৰম্ভিক দুবছৰৰ ভিতৰত বিশেষজ্ঞসকল ইউ এছ টি এমৰ দ্বাৰা আয়োজিত স্বাস্থ্যসেৱা আলোচনা চক্ৰ, কৰ্মশালা, সন্মিলন, প্ৰশিক্ষণ অধিবেশনত জড়িত হ’ব, স্বাস্থ্যসেৱা প্ৰতিষ্ঠানৰ সৈতে সহযোগিতা থাকিব, উত্তৰ-পূবৰ সকলো জিলাৰ চিকিৎসক স্বাস্থ্যসেৱাৰ কাৰ্যকলাপৰ লগত সংযুক্ত হ’ব।

মহবুবুল হকে প্ৰকল্পটো নিৰ্মাণৰ বাবে এটা সময়সীমাও দাখিল কৰি কয় যে ২০২৪ চনৰ জুলাই মাহৰ ভিতৰত চিকিৎসালয়খনৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব, যাৰ ভেটিৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। ২০২৪ চনৰ অক্টোবৰৰ ভিতৰত চিকিৎসালয়ৰ কাম-কাজ আৰম্ভ হ’ব। ২০২৫ চনৰ আগষ্ট মাহৰ পৰা এমবিবিএছৰ ক্লাছ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এই প্ৰকল্পত বিনিয়োগ কৰিবলৈ আগ্ৰহী লোকসকলে বিভিন্ন দিশত অতি উত্তম সুবিধা লাভ কৰিব বুলিও তেওঁ কয়। বিশিষ্ট চিকিৎসকৰ সৈতে আলোচনাৰ এই প্ৰক্ৰিয়া ভৱিষ্যতেও চলি থাকিব যাতে চিকিৎসালয়খন আৰু তাৰ পিছত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে আগন্তুক পথটো মসৃণ কৰিব পৰা যায় বুলিও তেওঁ লগতে কয়।

আলোচনাত উপস্থিত থকা চিকিৎসক সমাজে চিকিৎসা প্ৰকল্পটোৰ সন্দৰ্ভত মূল্যৱান পৰামৰ্শ আগবঢ়ায় আৰু এই উন্নত স্বাস্থ্যসেৱা অভিযানৰ সৈতে জড়িত হোৱাৰ বাবে অতি আগ্ৰহ প্ৰকাশ কৰে। ইউ এছ টি এমে যে অতি সোনকালে আয়ুৰ্বেদিক আৰু প্ৰাকৃতিক চিকিৎসা মহাবিদ্যালয়ৰ কথা চিন্তা কৰিছে, সেই কথা জানি তেওঁলোকে পৰামৰ্শ দি কয় যে চিকিৎসা মহাবিদ্যালয়খনৰ ইউ এছ পি একেটা কেম্পাছতে উপলব্ধ সংহত চিকিৎসা হ’ব পাৰে। ইউ এছ টি এমত এই স্বাস্থ্যসেৱাৰ পদক্ষেপৰ বাবে সকলো চিকিৎসকে শলাগ লয়। এইখিনিতে উল্লেখ কৰিব পাৰি যে যোৱা ৩ অক্টোবৰত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আমেৰিকাৰ পৰা অহা গ্ল’বেল লিডাৰ ৰোণ্ডা ভেটেৰে, মেঘালয়ৰ প্ৰাক্তন গৱৰ্ণৰ আৰ. মুছাহাৰী, গৃহ আৰু শিক্ষা মন্ত্ৰী লহকমেন ৰাইম্বুই, এইমছৰ প্ৰাক্তন সঞ্চালক ড০ আৰ চি ডেকা; শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ ভিচি ডাঃ ধ্ৰুবজ্যোতি বৰা আদিৰ উপস্থিতিত চিকিৎসা মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰে।

চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনৰ অন্যতম মূল বৈশিষ্ট্য হ’ল অত্যাধুনিক গৱেষণাৰ সৈতে সকলো ধৰণৰ প্ৰযুক্তিগত সুবিধা থকা ২৫০খন বিচনাযুক্ত এখন ছুপাৰ স্পেচিয়েলিটি হাস্পতাল। এই চিকিৎসালয়খন সকলো দৰিদ্ৰ ৰোগীৰ বাবে সম্পূৰ্ণ বিনামূলীয়া কৰা হ’ব। তদুপৰি মেঘালয়বাসীৰ বাবে ইয়াৰ সেৱা সম্পূৰ্ণ বিনামূলীয়া। এই নতুন প্ৰতিষ্ঠানটোৰ অনন্য লক্ষ্য হল: আছিয়ান দেশসমূহৰ পৰা ৰোগী আৰু ছাত্ৰ-ছাত্ৰীক আকৰ্ষণ কৰা।