যতীন নাথ

মাজবাট : দেৱালীৰ উখল মাখল পৰিৱেশৰ মাজতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ফটকাৰ দোকান এখনত অগ্নি সংযোগ (Fire Incident) কৰাৰ ঘটনা সংঘটিত হৈছে। ফটকাসহ দোকানখনৰ প্ৰায় ৫ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত।

পোহৰৰ উৎসৱ দেৱালীৰ উখল মাখল পৰিৱেশৰ মাজতে ওদালগুৰি জিলাৰ মাজবাটত এখন ফটকাৰ দোকানত অগ্নি সংযোগ কৰাৰ ঘটনা সংঘটিত হৈছে। দেওবাৰে নিশাৰ ভাগত ওদালগুৰি জিলাৰ মাজবাটৰ মুৰকাটিত ফটকাৰ দোকান এখনত অগ্নি সংযোগ কৰাৰ ফলত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়।

এই বিধ্বংসী অগ্নিকাণ্ডত তৰুণ ৰয় নামৰ এজন লোকৰ ফটকাৰ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত। দোকানত থকা তিনিখনকৈ দুচকীয়া বাহনও অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয়। অগ্নিকাণ্ডৰ খবৰ পাই মাজবাটৰ অগ্নি নিৰ্বাপক বাহিনী আৰু মাজবাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দীর্ঘসময় ধৰি প্ৰচেষ্টা চলাই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

দোকানখনত থকা দেৱালীৰ ফটকাত অগ্নি সংযোগ কৰাৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰিছে স্থায়ীন ৰাইজে। দেৱালীৰ প্রাকক্ষনত এই অগ্নিকাণ্ডৰ ঘটনাক একাংশ লোকে সহজভাৱে ল’ব পৰা নাই। মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে দোকানখনৰ ফটকাত অগ্নি সংযোগ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

অগ্নিকাণ্ডত দোকানখনত থকা ফটকাৰ লগতে প্ৰায় ৫ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে। দোকানখনৰ ফটকাত কোনে অগ্নি সংযোগ কৰিলে এই সম্পৰ্কে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। স্থানীয় ৰাইজে তৰুণ ৰয়ৰ দুখীয়া পৰিয়ালটোক আৰ্থিকভাৱে সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাইছে।