নিউজ ডেস্ক : গৱেষণা আৰু উদ্ভাৱনৰ দিশত যুৱ মনক উৎসাহিত কৰাৰ এক উৎকৃষ্ট মঞ্চ প্ৰদানৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়ে (USTM) ৩১ অক্টোবৰ ২০২২ ত উত্তৰ-পূব গৱেষক পণ্ডিতসকলৰ সন্মিলনৰ আয়োজন কৰিছে। বিষয়, ২০৪৭ চনৰ ভিতৰত ভাৰতক বিশ্বগুৰু হিচাপে গঢ়ি তোলাত গৱেষকৰ ভূমিকা। এই উপলক্ষে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান বাংগালুৰুৰ সঞ্চালক অধ্যাপক গোবিন্দন ৰঙগৰাজনে মুখ্য অতিথি হিচাপে ভাষণ দিব।

বিশ্ব বিশ্ববিদ্যালয় ৰেংকিঙত ভাৰতৰ শীৰ্ষ প্ৰতিষ্ঠানৰ সঞ্চালকজনৰ উপৰিও কনক্লেভত আন আন বিশিষ্ট বক্তাসকলৰ ভিতৰত আছে ড০ সাকেত কুশৱাহা, ভিচি, আৰ জি ইউ, অৰুণাচল প্ৰদেশ; নতুন দিল্লীৰ এআইচিটিইৰ উপদেষ্টা ড০ আৰ কে চ’নী; নতুন দিল্লীৰ ইউ জি চিৰ জুনিয়ৰ সম্পাদক ড০ জি এছ চৌহান; বাংগালুৰুৰ এন এ এ চিৰ উপ-উপদেষ্টা ড০ শ্ৰীনিবাস আৰু মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা ডাঃ সান্নিয়াসী এলুমালাই। কনক্লেভৰ তিনিটা কাৰিকৰী অধিবেশন হ’ল গুণগত গৱেষণাৰ বাবে কৌশল আৰু পদ্ধতি, সমাজ ৰূপান্তৰৰ বাবে ফলাফলভিত্তিক গৱেষণা আৰু পণ্ডিতসকলে সন্মুখীন হোৱা বিষয় আৰু প্ৰত্যাহ্বান। ইউ এছ টি এমৰ গৱেষণা কনক্লেভে বহুবিষয়ক সমস্যা চিনাক্ত কৰিবলৈ আৰু পণ্ডিতসকলক তেওঁলোকৰ গৱেষণাৰ প্ৰতি আবেগিক হ’বলৈ আৰু গুণগত মানৰ ফলাফল আনিবলৈ উৎসাহিত কৰিবলৈ এক মঞ্চ প্ৰদান কৰে।

ই বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ পণ্ডিতসকলক বিভিন্ন বিষয়ৰ ওপৰত ভাৱধাৰা ভাগ-বতৰা কৰাৰ সুযোগ প্ৰদান কৰে। উত্তৰ-পূবৰ গৱেষক পণ্ডিতসকলে www.ustm.ac.in ৰ জৰিয়তে ২৮ অক্টোবৰ ২০২২ লৈকে পঞ্জীয়ন কৰিব পাৰিব।।বিশিষ্ট বিজ্ঞানী আৰু গৱেষণা পণ্ডিতসকলৰ মাজত চিন্তা বিনিময়ৰ বাবে এক মঞ্চ প্ৰদান কৰি ইউ এছ টি এম আৰু উত্তৰ-পূবৰ অন্যান্য প্ৰতিষ্ঠানসমূহৰ গৱেষণা পণ্ডিতসকলৰ চলি থকা গৱেষণামূলক কাৰ্যকলাপসমূহ প্ৰদৰ্শন কৰাৰ লগতে গৱেষণা পণ্ডিতসকলক উদ্ভাৱনীমূলক গৱেষণামূলক কাম প্ৰদৰ্শনৰ বাবে অনুপ্ৰাণিত কৰাটোৱেই হৈছে কনক্লেভৰ প্ৰধান।