কলগাছিয়া, নৱেম্বৰ ৬: কলগাছিয়া খণ্ড উন্নয়ন বিষয়া আৰু কণিষ্ঠ অভিযন্তাসকলে MGNREGAৰ  আঁচনিত দুৰ্নীতিৰ পোহাৰ মেলিছে বুলি অভি়যোগ উত্থাপিত হৈছে। অভিযোগ মতে, উন্নয়ন খণ্ডটোৰ প্ৰতিটো MGNREGA ৰ প্ৰতিটো আঁচনিতে খণ্ড উন্নয়ন বিষয়া আৰু কণিষ্ঠ অভিযন্তা প্ৰত্যক্ষ সহযোগত ব্যাপক দুৰ্নীতি সংগঠিত কৰিছে পঞ্চায়ত প্ৰতিনিধিসকলে। সম্প্ৰতি কলগাছিয়াৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত চিকনী গাঁও পঞ্চায়তৰ পৰা  সাওৰাচৰা বজাৰত ২০ লাখ টকা ব্যয় সাপেক্ষে  MGNREGA আঁচনিৰ অধীনত ব্লক ৰোডৰ কাম আৰম্ভ কৰিছে পঞ্চায়ত সভানেত্ৰী মাজেদা খাতুন চৌধুৰীয়ে৷ কিন্তু পঞ্চায়ত সভানেত্ৰীৰ স্বামী বাহাৰ উদ্দিনে আঁচনিটোত ব্যাপক দুৰ্নীতি সংঘটিত কৰাত ৰাইজে কাম বন্ধ কৰি দিয়ে। এই ক্ষেত্ৰত ৰাইজে দুৰ্নীতিৰ কথা কণিষ্ঠ অভিযন্তা গুনীন দাস তথা খণ্ড উন্নয়ন বিষয়া মঞ্জুশ্ৰী ঘোষক অভিযোগ কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে ৰাইজে৷ ইফালে পঞ্চায়ত সভানেত্ৰীৰ স্বামী বাহাৰ উদ্দিনে আঁচনিটোত ঠিকাদাৰ নিয়োগ কৰি স্থানীয় শ্ৰমিকক বঞ্চিত কৰাৰ উপৰি বালিৰ পৰিৱৰ্তে মাটি ব্যৱহাৰ কৰা, আঁচনিমতে থকা শিল-বালি ব্যৱহাৰ নকৰা, ৰলিং নকৰাকৈ কাম কৰাৰ উপৰি পথৰ দুয়ো কাষে থকা ভীমতো ব্যাপক বিসংগতি আছে বুলি ৰাইজে অভিযোগ কৰিছে। উল্লেখ্য যে, কাম চলি থকাৰ সময়ত বিভাগীয় অভিযন্তাৰ উপস্থিতিত কাম কৰিব লাগে যদিও আজিলৈকে অভিযন্তাজন উপস্থিত হোৱা নাই বুলি অভিযোগ কৰিছে ৰাইজে। বিভাগীয় উৰ্ধতন কৰ্ত্তৃপক্ষক তদন্তৰ জৰিয়তে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে৷