আজিজ আলী
মুকালমুৱা : পাঁচ দিন ধৰি সন্ধানহীন হৈ থকা মহিলাৰ মৃতদেহ উদ্ধাৰ। ঘৰৰ পৰা প্ৰায় তিনিশ মিটাৰ দূৰত্বত থকা এটা পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ। মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীৰ তদন্ত আৰম্ভ।

নলবাৰী জিলাৰ মুকালমুৱাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ৰমেনা খাতুন নামৰ মহিলা গৰাকীৰ মৃতদেহ দেওবাৰে পুৱাৰ ভাগত ঘৰৰ পৰা প্ৰায় তিনিশ মিটাৰ দূৰত্বত থকা এটা পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয়।

ৰাইজোদ্দিন আহমেদ নামৰ এজন লোকৰ পত্নী ৰমেনা খাতুন বিগত পাঁচ দিন ধৰি সন্ধানহীন হৈ আছিল। পুৱাৰ ভাগত একাংশ স্থানীয় লোকে ৰমেনা খাতুনৰ মৃতদেহ পুখুৰীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। ইতিমধ্যে আৰক্ষীয়ে ৰমেনা খাতুনৰ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

বিগত পাঁচ দিন ধৰি সন্ধানহীন হৈ থকা ৰমেনা খাতুনৰ পুত্ৰই পিতৃ ৰাইজোদ্দিন আহমেদক মাতৃক ক’ত আছে বুলি প্ৰশ্ন কৰাত ৰাইজোদ্দিন আহমেদে পুত্ৰক কৈছিল যে মাতৃ মোমায়েকৰ ঘৰত গৈছে। ঘটনাটো ৰহস্যৰ আৱৰ্তত, আৰক্ষীৰ তদন্তৰ পিছতে পোহৰলৈ আহিৱ ঘটনাৰ প্ৰকৃত ৰহস্য।