গুৱাহাটী, ১৬ মেঃজাপানীজ এনকেফেলাইটিছ টীকাকৰণ সম্পৰ্কত ওলোৱা বাতৰিত ভীতিগ্ৰস্ত নহ’বলৈ আহ্বান জনাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ প্ৰকৃততে জনতাক বিপথে পৰিচালিত কৰিবলৈ দুষ্টচক্ৰই প্ৰচাৰ কৰা এয়া এক উৰাবাতৰিহে বুলি আজি এক সংবাদমেলত স্বাস্থ্য বিভাগে স্পষ্টীকৰণ দিয়ে৷ সেয়ে এনে উৰা বাতৰিত সন্ত্রষ্ট নহ’বলৈ ৰাইজক আহ্বান জনাইছে স্বাস্থ্য বিভাগে৷ শেহতীয়াকৈ নামনি অসমৰ বিভিন্ন জিলাত জাপানীজ এনকেফেলাইটিছ টীকাকৰণৰ দ্বাৰা ৰাইজৰ মাজত বিৰূপ প্ৰভাৱ পৰা বাতৰিয়ে ৰাজ্যজুৰি তোলপাৰ লগাই থকাৰ সময়তে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাই সংবাদ মেলত এই প্রতিক্রিয়া প্ৰকাশ কৰে৷ সংবাদ মেলৰ জৰিয়তে স্বাস্থ্য বিভাগৰ প্ৰধান সচিব গৰাকীয়ে জনোৱা মতে জাপানীজ এনকেফেলাইটিছ টীকাকৰণ কাৰ্যসূচী ২০০৬ চনৰ পৰাই হৈ আহিছে। জাপানীজ এনকেফেলাইটিছৰ দৰে মহৰ দ্বাৰা বিয়পা ৰােগৰ সংক্রমন ৰােধ কৰাত এই টীকাকৰণে এক সূদুব প্রসাবী প্ৰভাৱ পেলাইছে। ইতিমধ্যে অসমৰ ১৪খন জিলাত এই টীকাকৰণ কাৰ্যসূচী সফলভাৱে ৰূপায়িত হৈছে আৰু এই বছৰাে আন চাৰিখন জিলাত এই টীকাকৰণ কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে সমাজৰ সকলো স্তৰৰ লোকৰ মাজত জাপানীজ এনকেফেলাইটিছৰ প্ৰতিৰোধ গঢ়ি তোলাৰ বাবে চেষ্টা কৰা হৈছে৷ ইয়াত কোনাে বিশেষ সপ্রদায়ৰ প্ৰতি বঞ্চনা কৰাৰ লক্ষ্য নাই। অসমৰ প্ৰতিজন মানুহেই যাতে এই ৰোগৰ পৰা ৰক্ষা পৰে, এই লক্ষ্যৰে অসমৰ ৰাইজৰ সহযোগিতাৰহে প্রয়োজন। গতিকে দুষ্ট চক্ৰৰ সাম্প্রদায়িক উচটনিক প্রতিহত কৰিবলৈ ৰাইজক আহ্বান জনাইছে বিভাগৰ প্রধান সচিব গৰাকীয়ে। তদুপৰি যিকোনো প্ৰতিষেধক কাৰ্যসূচীতে যাতে বাধা প্ৰদানৰ বাবে দুষ্ট চক্ৰই ৰাইজক প্ৰৰােচিত কৰিব নোৱাৰে তাৰ বাবে ৰাইজক সজাগ হ’বলৈও আহ্বান জনাইছে বিভাগীয় বিষয়াসকলে। শেহতীয়াকৈ দেখা গৈছে যে যিকোনো চৰকাৰী উন্নয়নমূলক কাৰ্যসূচীতে বাধা দিয়াৰ বাবে সামাজিক মাধ্যম, অন্যান্য গণ মাধ্যমৰ ভুল ব্যৱহাৰ কৰি প্ৰৰােচনামূলক বার্তা সম্প্রচাৰৰ বাবে এক শ্রেণীলোকে অহৰহ চেষ্টা কৰি আহিছে। ফলত ক্ষতিগ্রস্ত হৈছে সাধাৰণ লোক, গতিকে সাধাৰণ জনতাৰ সুৰক্ষা প্রদানৰ বাবে স্বাস্থ্য বিভাগে সদায় কাম কৰি যাব বুলি সংবাদ মাধ্যমক অৱগত কৰে বিভাগীয় বিষয়াসকলে৷