কলগাছিয়াত ধোৱাচাঙত পৰিণত স্বাস্থ্য বিভাগৰ ১০৮ এম্বুলেঞ্চ সেৱা

কলগাছিয়া, ১৬ মেঃ বৰপেটা জিলাৰ কলগাছিয়াত আজি এগৰাকী প্ৰসূতিয়ে ৰাজপথত ঠেলাৰ ওপৰত সন্তান প্ৰসৱ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে, কলগাছিয়াৰ খাৰবাল্লী গাঁৱৰ শ্বাহজাহান আলীৰ পত্নী ফৰিদা ইয়াছমিনৰ ঘৰত কোনো নথকাৰ সময়ত প্ৰসৱ বেদনা আৰম্ভ হয়। ওচৰৰ এগৰাকী মহিলাই ঘটনাটো প্ৰত্যক্ষ কৰি কাষতে থকা মাদ্ৰাছাৰ শিক্ষক এজনৰ সহযোগত ঠেলাৰে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত লৈ আহে। ফৰিদা ইয়াছমিন (২৯)ক চিকিৎসালয়ত লৈ অহাৰ সময়তেই কলগাছিয়া চিকিৎসালয়ৰ সন্মুখত ৰাজপথতেই প্ৰসুতি গৰাকীয়ে ঠেলাত এটি কন্যা শিশু জন্ম দিয়ে যদিও পিছত কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰি প্ৰসূতিৰ লগতে শিশুটিক চিকিৎসা প্ৰদান কৰে। ইফালে ১০৮ সেৱাৰ অভিলাসী আঁচনি গ্ৰহন কৰা হৈছে যদিও কলগাছিয়া অঞ্চলত সেয়া ফূটকাৰ ফেনত পৰিণত হোৱৰ অভিযোগ উঠিছে। প্ৰসূতি গৰাকীক চিকিৎসালয়ত লৈ অহা একাংশ লোকে ১০৮ এম্বুলেঞ্চক ফোন কৰিছিল যদিও কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ গুৰুত্ব নিদিয়াত পলম হোৱাৰ বাবেই ৰাজপথতেই ঠেলাৰ ওপৰত সন্তান প্ৰসৱ হব লগীয়া হৈছে বুলি মহিলা গৰাকীৰ আত্মীয়ই অভিযোগ কৰিছে। আনহাতে কলগাছিয়াৰ ১০৮ এম্বুলেঞ্চ সেৱাৰ কৰ্মচাৰী সকলে ১০৮ সেৱাত কোনেও ফোন কৰা নাই বুলি দাবী কৰি নিজৰ দোষ ঢাকিবলৈ চেষ্টা কৰে যদিও ঘটনাটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সম্প্ৰতি এই ঘটনাটোৱে হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ উদঙাই দিছে বুলি সচেতন মহলে অভিযোগ কৰিছে।