গুৱাহাটী : উত্তৰ পূর্বাঞ্চল ভ্ৰমণৰ অংশ হিচাপে দেওবাৰে উপ-ৰাষ্ট্রপতি এম ভেংকায়া নাইডুবে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গুৱাহাটীৰ পানবজাৰত মহাবাহু ব্ৰহ্মপুত্র নদী ঐতিহ্য কেন্দ্ৰৰ শুভ উদ্বোধন কৰে। উল্লেখ্য যেব্রহ্মপুত্র নদীৰ সমীপত পানবজাৰৰ বৰফুকনৰ টিলাৰ শীৰ্ষত থকা পুৰণি উপায়ুক্তৰ বাংলােটো ৰাজ্য চৰকাৰে মহাবাহু ব্ৰহ্মপুত্র নদী ঐতিহ্য কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে।

১৮২৬ চনত ব্ৰিটিছে অসম অধিকাৰ কৰিছিল আৰু ১৮৩৯ চনত গুৱাহাটীৰ বাবে উপায়ুক্তৰ পদটো সৃষ্টি কৰা হয়। সেই সময়ত প্রথম উপায়ুক্ত জেমছ মিথিৰ বাবে কোনাে উপযুক্ত আবাস গৃহ নাছিল। ব্ৰহ্মপুত্ৰৰ পাৰত বৰফুকনৰ টিলাক নির্বাচিত কৰাৰ আগতে কেইবাটাও স্থানত জৰীপ কৰা হৈছিল আৰু অৱশেষত বৰফুকনৰ টিলাত উপায়ুক্তৰ আৱাস গৃহ হিচাপে বাছনি কৰা হয়। স্বাধীনতাৰ পিছত ২০১১ চনলৈকে এইটো উপায়ুক্তৰ বাংলাে হৈ আছিল।

ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্রন্ট।ডেভলপমেন্ট আঁচনিৰ অধীনত এটা প্রকল্প গ্রহণ কৰি ইয়াক ঐতিহ্য সংগ্রহালয়লৈ ৰূপান্তৰিত কৰা হয়। এই ঐতিহ্য কেন্দ্ৰটোত ঐতিহাসিক নাও, এটা এম্ফিথিয়েটাৰ, এখন প্রদর্শনী স্থান, এটা কেফেটেৰিয়া আদিৰ দৰে ঐতিহ্যপূর্ণ সমল সমূহ প্রদর্শন কৰা হৈছে। অন্যান্য আকর্ষণ সমূহৰ ভিতৰত আছে পৰম্পৰাগত মাছ ধৰা সঁজুলি, গুৱাহাটী মহানগৰ আৰু নদী পৰিবহণৰ ইতিহাস সম্বলিত আলােকচিত্ৰ আৰু নিদর্শন। এই ঐতিহ্য কেন্দ্ৰত বস্ত্র ডিজাইন, জাতিগত আহি আৰু থলুৱা বাদ্য যন্ত্র ৰখা হৈছে।

প্রনিধানযােগ্য যে গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষৰ উদ্যোগত উপায়ুক্তৰ বাংলােকে ধৰি সমগ্র টিলাটো মহাবাহু ব্ৰহ্মপুত্র নদী ঐতিহ্য কেন্দ্ৰলৈ ৰূপান্তৰিত কৰি এই ঐতিহ্য ক্ষেত্ৰটো অতুলনীয় নদী ব্ৰহ্মপুত্ৰৰ কিম্বদন্তি আৰু শৌর্যৰ নামত উৎসৰ্গা কৰা হৈছে। উপ-ৰাষ্ট্ৰপতিগৰাকীৰ উত্তৰ পূব ভ্ৰমণৰ প্রথম কার্যসুচী হিচাপে মহাবাহু ব্রহ্মপুত্র নদী ঐতিহ্য কেন্দ্ৰৰ শুভ উদ্বোধন কৰে। উপ-ৰাষ্ট্রপতিগৰাকীয়ে এই সংগ্রহালয়ত বিভিন্ন শাখা যেনে আর্ট গেলাৰী, চেলে হল ইত্যাদি পৰিদৰ্শন কৰে।উপ-ৰাষ্ট্রপতিগৰাকীয়ে এই উপলক্ষে ‘ফএভাৰ গুৱাহাটী’ শীর্ষক এখন কফি টেবুল কিতাগাে উন্মােচন কৰে।