গুৱাহাটী : উপ-ৰাষ্ট্রপতি এম ভেংকায়ানাইডুৱে দেওবাৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত পােন প্রথম বাৰৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰাজ্যিক কর্কট প্রতিষ্ঠানত পেট-এমআৰআই শাখাৰ শুভ উদ্বোধন কৰে। এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে অসম চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে উন্নত স্বাস্থ্য সেৱা প্রযুক্তি উপলব্ধ কৰাৰ বাবে সদায়ে চেষ্টা কৰি আহিছে। নতুনকৈ উদ্বোধন কৰা এই পেট-এমআৰআই শাখাই অঞ্চলটোত কৰ্কট ৰােগীৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায়ক হ’ব।

মুঠ ৬২ কোটি টকা ব্যয় সাপেক্ষে স্থাপিত এইটো হৈছে ‘টাইম অফ ফ্লাইট প্রযুক্তিৰে সজ্জিত চৰকাৰী খণ্ডৰ চিকিৎসালয়ত স্থাপন কৰা ভাৰতবৰ্ষৰ চতুর্থ পেট-এমআৰআই আৰু কৰ্কট ৰােগৰ উন্নত গবেষণামূলক কার্যৰ ক্ষেত্ৰত এই সেৱা অতিশয় আৱশ্যকীয় বুলি তেওঁ কয়। টাটা ট্রাষ্টৰ সৈতে অংশীদাৰিত্বৰে স্থাপন কৰা অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ বিষয়ে অৱগত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে কৰ্কট ৰােগীসকলক সময় মতে আৰু উপযুক্ত চিকিৎসা প্রদান কৰাৰ বাবে এই ফাউণ্ডেশ্যনৰ জৰিয়তে ৰাজ্যখনত ‘ডিষ্টিবিউটেড কেন্সাৰ কেয়াৰ মডেল’ ৰূপায়ণ কৰি আছে। এই আৰ্হিৰ অধীনত এটা এপেক্স ৰেফাৰেল কেন্দ্র আছে যি হৈছে গুৱাহাটীৰ ৰাজ্যিক কর্কট প্রতিষ্ঠান।

ইয়াক লেভেল ৱান বুলি কোৱা হয়। চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহৰ সৈতে সংলগ্ন কেন্সাৰ হাস্পতালক লেভেল টু আৰু জিলা হাস্পতালত ৰেডিয়েশন্যৰ সুবিধা থকা ডায়গনেষ্টিক এণ্ড ডে কেয়াৰ চেণ্টাৰক লেভেল থ্রী বুলি অভিহিত কৰা হয় বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ‘ডিষ্টিবিউটেড কেলাৰ কেয়াৰ মডেল’ৰ অধীনত কৰ্কট ৰােগীসকলে ৰাজ্যৰ বাহিৰলৈ নােযােৱাকৈয়ে ঘৰৰ ওচৰতে কম খৰচতে গুণগত কৰ্কট ৰােগৰ চিকিৎসা লাভ কৰিব পাৰে তাৰ বাবে ১৮ খন কর্কট হাস্পতাল স্থাপনৰ বাবে পদক্ষেপ লােৱা হৈছে। ইয়ে ৰােগীসকলৰ ব্যয় যথেষ্ট পৰিমাণে হ্রাস কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে অসমত প্রতি বছৰে ৫২ হাজাৰ নতুন কৰ্কট ৰােগী চিনাক্ত হয়।

ৰাজ্য চৰকাৰে ২০১৮ চনত টাটা ট্রাষ্টৰ সৈতে কর্কট হাস্পতাল স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰিছিল। এই চুক্তি অনুসৰি টাটা ট্রাষ্টে প্রয়ােজনী সজুলি প্রদান কৰিব আৰু ৰাজ্য চৰকাৰে চিকিৎসালয় নির্মাণ কৰিব। ক’ভিড মহামাৰীৰ সত্ত্বেও এই ক্ষেত্ৰত নিৰ্ধাৰিত সময় সূচীতকৈ বেছি পিছপৰি থকা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই চিকিৎসালয়সমূহ ২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰত সম্পূর্ণ কৰাৰ বাবে লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্যিক কর্কট প্রতিষ্ঠানত কৰ্কট ৰােগীৰ সেৱাৰ বাবে কিছুমান অতি উন্নত মানৰ সজুলি যেনে টমােথেৰাপি, লিনিয়াৰ এক্সেলেৰেটৰ, এমআৰআই গাইডেট লিনিয়াৰ এক্সেলেৰেটৰ ইত্যাদি স্থাপন কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে কয় যে প্রধানমন্ত্রী আয়ুষ্মন ভাৰত আৰু অটল অমৃত অভিযান আঁচনিৰ সুবিধা লাভ কৰা ৰাজ্যখনৰ দুখীয়া আৰু সুবিধা লাভৰ পৰা বঞ্চিত শ্ৰেণীৰ লােকসকলক বিনামূলীয়া কৰ্কট ৰােগৰ চিকিৎসা প্রদান কৰি থকা হৈছে। এনে ৰােগীৰ ৯২ শতাংশ সামৰি লােৱা হৈছে বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে দেশৰ প্ৰতিখন জিলাত একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাৰে যি ভৱিষ্য দৰ্শনৰ কথা উল্লেখ কৰিছিল। সেই দিশত কাম কৰি অসম চৰকাৰে ৰাজ্যখনৰ ২৩ খন জিলাত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে।

মুখ্যমন্ত্ৰীয়ে কয় যে ক’ভিড সংকটৰ সময়ত অসমে উত্তৰ পূৰ্বাঞ্চলৰ আন আন।ৰাজ্যসমূহলৈ অক্সিজেন যােগান ধৰি সহায়ৰ হাত আগবঢ়াই আহিছে। সমগ্ৰ দেশতে থকা লােকসকল অসমলৈ অহাৰ সময়ত মেডিচিভিৰ বেজি প্রদান কৰিছে বুলিও তেওঁ কয়। ক’ভিড়ৰ বাবে পিতৃ-মাতৃক হেৰুওৱা, স্বামীহাৰা হােৱা মহিলা আৰু অতিমাৰীত মৃত্যু হােৱা লােকৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে বিত্তীয় সাহায্য প্রদান কৰিছে বুলিও তেওঁ কয়। এই অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত, মুখ্য সচিব জিষ্ণু বৰুৱা অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।