জোনমণি বেগম
বিশ্বনাথ : বিশ্বনাথ কংগ্ৰেছত মুখ্যম আঘাত। বিশ্বনাথ মণ্ডলৰ পানীভৰাল গাঁও পঞ্চায়ত বিজেপিৰ দখললৈ। কংগ্ৰেছ শিবিৰৰ পৰা ভাৰতীয় জনতা পাৰ্টিলৈ আহিল ন-পুৰণি কংগ্ৰেছ নেতা-কৰ্মী। তেজপুৰ লোকসভাৰ সাংসদ আৰু বিশ্বনাথ বিধানসভাৰ বিধায়কৰ উপস্থিতিত কংগ্ৰেছ নেতা-কৰ্মীৰ বিজেপিত যোগদান।

বিশ্বনাথত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰশিক্ষণ বিভাগৰ উদ্যোগত মণ্ডল প্ৰশিক্ষণ বৰ্গ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বিশ্বনাথ চাৰিআলিৰ কমলা কান্ত নাট্য সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লব লোচন দাস, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলা উপ-সভাপতি অমৰজ্যোতি বৰঠাকুৰসহ বিশ্বনাথ গ্ৰাম্য মণ্ডলৰ কাৰ্যনিৰ্বাহক সকল।

বিশ্বনাথ গ্ৰাম্য মণ্ডলৰ কাৰ্যনিৰ্বাহক সকলক প্ৰদান কৰা এই প্ৰশিক্ষণ শিবিৰতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে কংগ্ৰেছৰ বহু ন-পুৰণি কৰ্মকৰ্তাই। বিশ্বনাথৰ পানী ভৰালৰ গাঁও পঞ্চায়তৰ সভাপতি আনন্দ বৰুৱাসহ পঞ্চায়তটোৰ অধীনত থকা প্ৰায় কেইজন ৱাৰ্ড সদস্য‌ই সাংসদ গৰাকীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টিত।

কংগ্ৰেছ শিবিৰৰ নেতা-কৰ্মীৰ বিজেপি দলত যোগদানে বিশ্বনাথৰ ৰাজনৈতিক মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তেজপুৰ লোকসভাৰ সাংসদ পল্লব লোচন দাস আৰু বিশ্বনাথ বিধানসভাৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা সকলোকে দললৈ আদৰণি জনায়।