ৰঙিয়া : অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান (War Against Drugs)। অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰী পৰিছে জালত। জব্দ হৈছে কোটি কোটি টকা মূল্যৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। এইবাৰ চাৰি লক্ষাধিক টকা মূল্যৰ আফিংসহ গ্ৰেপ্তাৰ হ’ল চৰকাৰী গাঁওবুঢ়া।

অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে ড্ৰাগছ জব্দ কৰাৰ লগতে জালত পেলাবলৈ সক্ষম হৈছে বৃহৎ সংখ্যক ড্ৰাগছ সৰবৰাহকাৰীক। ইতিমধ্যে কেইবাটাও বৃহৎ সাফল্য লাভ কৰিছে অসম আৰক্ষীয়ে। আৰক্ষীৰ এই ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযানত এইবাৰ জালত পৰিল এজন চৰকাৰী গাঁওবুঢ়া।

কামৰূপ জিলাৰ ৰঙিয়া আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই লাভ কৰিছে বৃহৎ সাফল্য। ৰঙিয়া আৰক্ষীয়ে এজন চৰকাৰী গাঁওবুঢ়াক বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ৰঙিয়া আৰক্ষীয়ে বঢ়মপুৰৰ হাটবজালীত ড্ৰাগছ বিৰোধী অভিযান চলাই চাৰি লক্ষাধিক টকা মূল্যৰ আফিংসহ এজন চৰকাৰী গাঁওবুঢ়াক জালত পেলাবলৈ সক্ষম হৈছে। ধৃত গাঁওবুঢ়াজন বঢ়মপুৰ হাটবজালী আৰু বৰকুকুৰীয়াৰ গাঁওবুঢ়া ধৰেশ্বৰ কলিতা বুলি জানিব পৰা গৈছে। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ৰঙিয়া আৰক্ষীয়ে চৰকাৰী গাঁওবুঢ়া ধৰেশ্বৰ কলিতাৰ ঘৰৰ পৰা ১ কেজি আফিং জব্দ কৰে।

বৃহস্পতিবাৰে নিশাৰ ভাগত ৰঙিয়া মহকুমা আৰক্ষী বিষয়া সুশান্ত সিঙৰ নেতৃত্বত আৰক্ষীৰ।এটা দলে বঢ়মপুৰ হাটবজালীত ড্ৰাগছ বিৰোধী অভিযান চলাইছে। বঢ়মপুৰ হাটবজালী আৰু বৰকুকুৰীয়াৰ গাঁওবুঢ়া ধৰেশ্বৰ কলিতাৰ ঘৰত মহকুমা আৰক্ষী বিষয়া গৰাকীৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে অভিযান চলাই ১ কেজি আফিং জব্দ কৰে। গাঁওবুঢ়াৰ ধৰেশ্বৰ কলিতাৰ শোৱনি কোঠাৰ চাজাৰ ওপৰৰ পৰা আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ আফিংখিনি জব্দ কৰি গাঁওবুঢ়াজনক গ্ৰেপ্তাৰ কৰে।

জব্দকৃত আফিংখিনিৰ মূল্য চাৰি লাখ টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। বৰ্তমান ৰঙিয়া থানাত আৰক্ষীয়ে গাঁওবুঢ়াজনক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। আফিংসহ গাঁওবুঢ়া গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই সমগ্ৰ ৰঙিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি।কৰিছে। গাঁওবুঢ়াজনক গ্ৰেপ্তাৰ কৰাৰ পিছতে গাঁওবুঢ়াৰ জনৰ সমৰ্থক সকল আহি ৰঙিয়া থানাত ভিৰ কৰে। গাঁওবুঢ়াজন আফিং সৰবৰাহৰ লগত জড়িত নহয় বুলি দাবী কৰিছে গাঁওবুঢ়াজনৰ সমৰ্থন সকলে।