আজিজ আলী

মুকালমুৱা : ক’ভিডৰ তৃতীয়টো ঢৌৰ লহৰৰ মাজতেই ৰাজ্যজুৰি চলিছে ভোগালীক আদৰাৰ প্ৰস্তুতি। ৰাজ্যৰ প্রান্তে প্রান্তে ভোগালীক আদৰিবলৈ সাজু হৈ পৰিছে ৰাইজ। ইতিমধ্যে ভেলা ঘৰ মেজি নিৰ্মাণ কৰি উৰুকাৰ নিশা সকলো মিলি এসাজ খাবলৈ সকলো অপেক্ষাত।

ভোগালীক আদৰণি জনাবলৈ সমগ্ৰ ৰাজ্যবাসীৰ লগতে এতিয়া তত নাই নালবাৰীবাসী ৰাইজৰ। আনন্দত আত্মহাৰা হৈ পৰিছে জিলাখনৰ ডেকাৰ পৰা বৃদ্ধলৈকে৷ ভোগালীকলৈ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে নলবাৰী জিলাৰ বাউসীয়াপাৰা গাঁওবাসীৰ মাজত।

প্ৰতি বছৰে এক ব্যতিক্ৰমী ভেলা ঘৰ আৰু মেজি নিৰ্মাণ কৰি বাউসীয়াপাৰা গাঁওবাসীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। এইবেলিও এক ব্যতিক্ৰমী ভেলা ঘৰ নিৰ্মাণ কৰিছে বাউসীয়াপাৰা গাঁৱৰ ৰাইজে। এইবেলি নাও আকৃতিৰ এটি ভেলা ঘৰ নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে বাউসীয়াপাৰাত।

ভোগালী বিহুলৈ মাজত মাজত কেইটামান দিন বাকী থকা অৱস্থাত নাও আকৃতিৰ এই ভেলা ঘৰখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠাত আনন্দত আত্মহাৰা হৈছে গাঁওবাসী। বিশেষকৈ যুৱতী আৰু মহিলা সকলে বহু নাম গাই আৰু বহু নৃত্য কৰি প্ৰকাশ কৰিছে আনন্দ।

নালবাৰী জিলাৰ বাউসীয়াপাৰা গাঁৱৰ ৰাইজ ভোগালীক আদৰিবলৈ প্ৰস্তুত যদিও ক’ভিডৰ ভয়াবহ সংক্ৰমণৰ বাবে গাঁওবাসীৰ মাজত নাই পূৰ্বৰ দৰে উৎসাহ। এইবাৰ ৰাজ্য চৰকাৰে বান্ধি দিয়া ক’ভিড সম্পৰ্কীয় সকলো নীতি-নিয়ম পালন কৰি উৰুকা পালন কৰিব বাউসীয়াপাৰা গাঁৱৰ ৰাইজে।