জোনমণি বেগম
বিশ্বনাথ : ১৩ বছৰ বয়সত নিৰুদ্দেশ হোৱা লালা উভতি আহিল ৭৪ বছৰত। বিশ্বনাথৰ লালা ৬১ বছৰ পিছত উপস্থিত হ’ল নিজ বাসগৃহত। বিশ্বনাথৰ গেলাপুখুৰীৰ গাঁওবাসী সাক্ষী হ’ল এক বিৰল মুহুৰ্তৰ। গাঁওখনত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশৰ।

এক বিৰল মুহুৰ্তৰ সাক্ষী হ’ল বিশ্বনাথৰ গেলাপুখুৰীৰ গাঁওবাসী।১৩ বছৰ বয়সত গেলাপুখুৰী গাঁৱৰ পৰা নিৰুদ্দেশ হৈছিল লালা নামৰ এজন কিশোৰ। কিন্তু ৭৪ বছৰ বয়সত সুদীৰ্ঘ ৬১ বছৰ পিছত লালা উপস্থিত হৈছে নিজ গাঁৱত। ১৩ বছৰ বয়সত নিৰুদ্দেশ হোৱা লালাই নিজ গাঁওবাসী, নিজ পিতৃ-মাতৃ তথা নিজ পৰিয়াল আৰু কিশোৰকালৰ বন্ধু বৰ্গক এৰিয়ে অতিবাহিত কৰিলে জীৱনৰ মূল্যৱান সময়।

লালা অৱশেষত ৬১ বছৰ পিছত উপস্থিত হল নিজ গাঁওখনত, নিজ মাতৃ আৰু পৰিয়ালৰ কাষত। যাৰ বাবে গাঁওখনত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশ। লালাৰ সম্পূৰ্ণ নাম মহেন্দ্ৰ লালা। এই মহেন্দ্ৰ লালা বিশ্বনাথৰ গেলাপুখুৰি গাঁৱৰ কোষেশ্বৰী লালা চৌধুৰীৰ বৰপুত্ৰ। মহেন্দ্ৰ লালা ১৩ বছৰ বয়সতে নিৰুদ্দেশ হৈছিল ঘৰৰ পৰা।

লালাক বিচাৰি পিতৃ-মাতৃ আৰু পৰিয়ালৰ লোকে আৰক্ষীৰ সহায় লৈছিল যদিও সন্ধান পোৱা নাছিল লালাৰ। লালাৰ সন্ধান লাভ কৰিবলৈ সক্ষম নোহোৱাত চকুপানীৰে বাট নেদেখা হৈ কেৱল পুত্ৰৰ কুশল কামনা কৰাৰ বাহিৰে লালাৰ মাতৃৰ নাছিল কোনো বিকল্প পথ। কিন্তু সুদীৰ্ঘ ৬১ বছৰ পিছত লালাৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ মুখত সীমা চেৰাই যোৱা আনন্দ।

লালা ইমান বছৰে আছিল অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ টাৱাঙত। লালা পিতৃ-মাতৃৰ কাষত উভতি আহিব বিচাৰিছিল যদিও পাহৰি পেলাইছিল নিজৰ ঘৰ অথবা পিতৃ মাতৃৰ ঠিকনা।যাৰ বাবে লালাক নিজৰ ঘৰৰ ঠিকনা বিচাৰি উলিয়াত সহায় কৰিলে টাৱাঙৰ নিবাসী চিংচুং ওৰফে মিনডু ফুনচু নামৰ ব্যক্তিজনে। চিংচুংয়ে মহেন্দ্ৰ লালাৰ ঠিকনা বিচাৰি বিভিন্ন ধৰণৰ সামাজিক মাধ্যমৰ সহায় লৈ অবশেষত লালাৰ ঠিকনা বিচাৰি উলিয়াবলৈ সক্ষম হয়।

অৱশেষত নিজ বাসগৃহলৈ আহিল লালা। চিংচুং ওৰফে মিনদু ফুনচুৰ এই কাৰ্যক গেলাপুখুৰীৰ ৰাইজে ভূয়সী প্ৰশংসা কৰে। এইফালে লালাৰ মাতৃয়ে জীবনৰ শেষবেলা হলেও নিজ পুত্ৰক কাষত দেখা পাই আত্মহাৰা হৈ পৰিছে মাতৃগৰাকী। পুত্ৰক কাষত পাই এফালে মাতৃ দুচকুত পানী আৰু আনফালে গাঁওবাসী আনন্দত আত্মহাৰা হৈ পৰিছে।