গুৱাহাটী, ৮ মাৰ্চ, ২০২৪ : কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ নিৰ্বাচন শুভংকৰ ‘কদমী’ আৰু ‘টোঁটোলা’ উন্মোচন। হাড়গিলা সংৰক্ষণৰ সফল প্ৰচেষ্টাৰ দৰে ভোটাৰে (Voters) ভোটদানেৰে ৰক্ষা কৰক গণতন্ত্ৰ। নাৰী দিৱসত হাড়গিলা আৰ্মীৰ মহিলালৈ জিলা প্ৰশাসনৰ অনন্য সন্মান।

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত পূৰ্ণিমা দেৱী বৰ্মনৰ নেতৃত্বত বহু মহিলাই হাড়গিলা চৰাইৰ সংৰক্ষণৰ বাবে কৰি অহা প্ৰচেষ্টাৰ প্ৰতি সন্মান জনাই সমাগত লোকসভা নিৰ্বাচনৰ বাবে কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচন শুভংকৰ মুকলি কৰা হয়৷ জিলা নিৰ্বাচন বিষয়া তথা জিলা আয়ুক্ত সুমিত ছত্তাৱান, জিলা নিৰ্বাচন আইকনদ্বয় জনপ্ৰিয় অভিনেতা দিগন্ত হাজৰিকা আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰ্মী পূৰ্ণিমা দেৱী বৰ্মনে ‘কদমী’ আৰু ‘টোঁটোলা’ নামৰ শুভংকৰ দুটা মুকলি কৰে৷

নিৰ্বাচনত ৰাইজক ভোটদানৰ প্ৰতি সজাগ আৰু আগ্ৰহী কৰি ভোটদানৰ হাৰ বৃদ্ধিৰ লক্ষ্যৰে  ‘প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু ভোটগ্ৰহণত অংশগ্ৰহণ’ চমুকৈ ‘ছৱিপ’ শীৰ্ষক কাৰ্যসূচীৰ অধীনত এই পদক্ষেপ লোৱা হৈছে৷ অনুষ্ঠানত ভাষণ দি জিলা আয়ুক্ত সুমিত ছত্তাৱানে কয় যে পূৰ্ণিমা দেৱী বৰ্মনৰ নেতৃত্বত মহিলাৰে গঠিত হাড়গিলা আৰ্মীয়ে যিদৰে হাড়গিলা চৰাইৰ সংৰক্ষণ কৰি প্ৰকৃতিক ৰক্ষা কৰিছে সেইদৰে ভোটাৰ ৰাইজে ভোটদান সাব্যস্ত কৰি গণতন্ত্ৰৰ সুৰক্ষাত আগভাগ ল’ব লাগিব৷ ‘কদমী’ আৰু ‘টোঁটোলা’ৰ জৰিয়তে এই বাৰ্তা ভোটাৰ ৰাইজৰ কাষলৈ নিব বিচৰা হৈছে৷

জিলা আয়ুক্ত গৰাকীয়ে বিগত কেবাটাও নিৰ্বাচনত জিলাখনত ভোটদানৰ হাৰ ৰাজ্যিক হাৰতকৈ যথেষ্ট কম বুলি মন্তব্য কৰি এইবাৰ এই অৱস্থাৰ উন্নত হোৱাৰ আশা প্ৰকাশ কৰে৷ অনুষ্ঠানত ভাষণ দি পূৰ্ণিমা দেৱী বৰ্মনে কয় যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে এই পদক্ষেপেৰে হাড়গিলা চৰাইলৈ সন্মান আৰু হাড়গিলা সংৰক্ষণ আন্দোলনক স্বীকৃতি দিছে৷ হাড়গিলা আৰ্মীয়ে গীত-মাত সম্বলিত নিজস্ব প্ৰচাৰ কৌশলেৰে ৰাইজক ভোটদানৰ বাবে উৎসাহিত কৰিব বুলি তেওঁ কয়৷

অভিনেতা দিগন্ত হাজৰিকাই ৰাইজক ভোটদান কৰি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়৷ অনুষ্ঠানত ভোটিং মেচিনত ভোট দিয়াৰ সমগ্ৰ প্ৰক্ৰিয়া প্ৰদৰ্শন কৰা হয়৷ অনুষ্ঠানত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল, হাড়গিলা আৰ্মীৰ বহুসংখ্যক সদস্য উপস্থিত থাকে৷ ইয়াৰ পিছতে জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা কাষৰ অমৃত উদ্যানলৈ হাড়গিলা আৰ্মীৰ সদস্যসকলে তেওঁলোকৰ প্ৰচাৰ গীত গাই সমদল কৰি গৈ ভোটদান সাব্যস্ত কৰিবলৈ ভোটাৰ ৰাইজলৈ আহ্বান জনাই সজাগতামূলক অনুষ্ঠান কৰে৷