গুৱাহাটী, ২৭ ছেপ্টেম্বৰঃ শাৰদীয় দুৰ্গোৎসৱক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি৷ মহানগৰীতো দুৰ্গাপূজাৰ আয়োজনক লৈ উদ্যোক্তাসকলৰ মাজত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে৷ এইবছৰ মহানগৰীৰ দুৰ্গাপূজাৰ অন্যতম আকৰ্ষণ হৈছে বিষ্ণুপুৰ দুৰ্গা পূজাৰ ১০১ ফুট উচ্চতাৰ স্হানীয় বাঁহেৰে নিৰ্মাণ কৰা দেৱী দুৰ্গাৰ প্ৰতিমা৷ ইতিমধ্যে এই প্ৰতিমা চাবলৈ পূজা স্থলীলৈ সহস্ৰাধিক ভক্তৰ আগমণ হৈছে৷ উদ্যোক্তা সকলে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ আৰু লিমকা বুক অৱ ৰেকৰ্ডছৰ নাম অন্তৰ্ভূক্তৰ কাৰণে প্ৰেৰণ কৰিছে৷ উল্লেখ্য যে, বিগত এমাহৰো অধিক সময় ধৰি নিৰ্মাণ কৰা ১০০ ফুট উচ্চতাৰ বাঁহেৰে নিৰ্মিত দেৱী দুৰ্গাৰ প্ৰতিমা প্ৰায় ১০ দিন পূৰ্বে অহা প্ৰৱল ধুমুহাত খহি পৰিছিল৷ কিন্তু বিশ্ব ৰেকৰ্ডৰ উদ্দেশ্যে উদ্যোক্তাসকলে নিৰ্মাণ কৰা দেৱীৰ প্ৰতিমা পুনৰাই দুগুণ উৎসাহেৰে এসপ্তাহৰ ভিতৰত নিৰ্মাণ কৰি উলিয়াই৷ ইতিমধ্যে কালি ষষ্ঠীৰ দিনা বাঁহেৰে নিৰ্মাণ কৰা দেৱীৰ প্ৰতিমা উদ্যোক্তাসকলে দৰ্শকৰ কাৰণে মুকলি কৰাৰ লগতে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ আৰু লিমকা বুক অৱ ৰেকৰ্ডছৰ নাম অন্তৰ্ভূক্তৰ কাৰণে প্ৰেৰণ কৰে৷ উদ্যোক্তাসকলৰ এই ৰেকৰ্ডত অংশগ্ৰহণ কৰাৰ আন এক উদ্দেশ্য হৈছে অসমৰ থলুৱা বাঁহ শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্টা কৰা৷