কাজিৰঙা, ২৮ ছেপ্টেম্বৰঃ কাজিৰঙাৰ বাগৰি আৰক্ষীয়ে অভিযান চলাই তিনি দুৰ্ধৰ্ষ ডকাইতক আটক কৰে। বাগৰি আৰক্ষী চকীৰ আৰক্ষী বিষয়া বিৰাজ মোহন ডেকাৰ নেতৃত্বত যোৱা এটা দলে কুঠৰিৰ হাৰমতীৰ পৰা ডকাইট কেইটাক আটক কৰে। ডকাইট কেইটাক ক্ৰমে হাৰমতীৰ আমিৰ হুছেইন, নবীৰ হুছেইন আৰু ইমৰাজোল হুছেইন বুলি জানিব পৰা গৈছে৷ ডকাইট কেইটাৰ পৰা আৰক্ষীয়ে ১৯টা ম’বাইল, ৰিচাৰ্জ কাৰ্ড লগতে বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে৷ উল্লেখ্য যে, মঙ্গলবাৰে নিশা কুঠৰিৰ জিতু চাহু নামৰ ব্যৱসায়ীজনে দোকান বন্ধ কৰি ঘৰলৈ গৈ থকা অৱস্থাত ডকাইতৰ কেইটাই অস্ত্ৰ দেখুৱাই মোবাইল ফোন, ৰিচাৰ্জ কাৰ্ডৰ লগতে নগদ বাৰ হাজাৰ টকা লুটি নিছিল৷ বুধবাৰে বাগৰি আৰক্ষীয়ে অভিযান চলায় মোবাইল সহ ডকাইতৰ কেইটাক আটক কৰে যদিও আৰক্ষীয়ে ধনখিনি উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল৷ বৰ্তমান বাগৰি আৰক্ষীয়ে ডকাইত কেইটাক সোধ পোচ অব্যাহত ৰাখিছে৷