গুৱাহাটী, ২৭ ছেপ্টেম্বৰঃ অসমৰ ৰঞ্জী দলটো আজি ঘোষণা কৰা হয়৷ দিল্লীৰ বিৰুদ্ধে অৱৰ্তীণ হ’বলগীয়া অসমৰ দলটোক নেতৃত্ব দিব গকুল শৰ্মাই৷ গকুল শৰ্মাৰ লগত দলত আবু নেছিম, প্ৰীতম দাস, কৃষ্ণ দাস, অৰূপ দাস, ৰাহুল সিং, স্বৰূপম পুৰকায়স্থ, কুনাল শইকীয়া, অমিত সিনহা, প্ৰীতম দেৱনাথ, তাৰজিন্দৰ সিং, শিৱ শংকৰ ৰয়, ঋষভ দাস, পল্লৱ কুমাৰ দাস আৰু ৱাছিকুৰ ৰহমানে স্থান লাভ কৰিছে৷ অসম ৰঞ্জী দলটোত মুখ্য প্ৰশিক্ষকৰ দায়িত্বত থাকিব লালচান্দ ৰাজপুত৷ উল্লেখ্য যে, খেলখন ৬অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈ নতুন দিল্লীত অনুষ্ঠিত হ’ব৷