জোনমণি বেগম
বিশ্বনাথ : বিশ্বনাথৰ পানী ভঁৰালৰ শিৱ মন্দিৰত নিশা চোৰে চলালে চাফাই অভিযান। মন্দিৰৰ দানপাত্ৰ ভাঙি লক্ষাধিক টকা লুটি নিয়ে চোৰে। কিছুদিন পুর্বে গড়েহাগী গাঁৱৰ শিৱ মন্দিৰত চোৰে চলাইছিল চাফাই অভিযান।

বিশ্বনাথত চোৰৰ লক্ষ্য হৈ পৰিছে মন্দিৰ। জিলাখনত বিগত কিছুদিন ধৰি চোৰে কেইবাটাও মন্দিৰত চুৰিকাণ্ড সংঘটিত কৰিছে। এইবাৰ চোৰে চাফাই অভিযান চলালে পানী ভঁৰালৰ শিৱ মন্দিৰত। নিশা চোৰে মন্দিৰৰ দানপাত্ৰ ভাঙি লক্ষাধিক টকা লুটি নিয়ে।

পুৱাৰ ভাগত একাংশ স্থানীয় লোকে মন্দিৰৰ তলা ভাঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি বিশ্বনাথ আৰক্ষী থানাত খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। বিশ্বনাথ আৰক্ষীয়ে প্ৰতি নিশাই সমগ্ৰ বিশ্বনাথ নগৰত তহল দিয়ে যদিও ইয়াৰ মাজতে চোৰে চুৰিকাণ্ড সংঘটিত কৰি আছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে বিশ্বনাথৰ গড়েহাগী গাঁৱৰ শিৱ মন্দিৰত চোৰে চাফাই অভিযান চলাইছিল। সেই চুৰিকাণ্ডৰ এমাহ নহওঁতেই পুনৰ বিশ্বনাথৰ পানী ভঁৰাল গাঁৱৰ শিৱ মন্দিৰত সংঘটিত হৈছে চুৰিকাণ্ড। এতিয়া চোৰ ধৰিবলৈ বিশ্বনাথ আৰক্ষী সফল হ’ব নে নাই ইয়াৰ উত্তৰ সময়তে পোৱা যাব।