লখিমপুৰ : লখিমপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। লখিমপুৰত এচিড আক্ৰমণৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দুগৰাকী মহিলাৰ ওপৰত দুৰ্বৃত্তই এচিড আক্ৰমণ কৰে। এচিড আক্ৰমণৰ বলি হোৱা দুই মহিলা সংকটজনক অৱস্থাত চিকিৎসাধী হৈ আছে।

এক ভয়ংকৰ এচিড আক্ৰমণৰ ঘটনাই জোকাৰি গৈছে লখিমপুৰ জিলা। লখিমপুৰ জিলাৰ ৰঙাজানত দুগৰাকী মহিলা এচিড আক্ৰমণৰ বলি হৈছে সংকটজনক অৱস্থাত চিকিৎসাধী হৈ আছে। শোৱাপাটীতে দুৰ্বৃত্তই মহিলা দুগৰাকীৰ ওপৰত এচিডেৰে আক্ৰমণ কৰে।

এচিড আক্ৰমণৰ বলি হোৱা মহিলা দুগৰাকীৰ নাম নুৰেদা বেগম আৰু ৰেহেনা বেগম। এচিড আক্ৰমণৰ এই ভয়ংকৰ কাণ্ডৰ লগত ৰেহেনা বেগম নামৰ মহিলা গৰাকীৰ স্বামী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। ৰেহেনা বেগম নামৰ মহিলা গৰাকী ১০ বছৰ পূৰ্বৰ ৰফিকুল ইছলামৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল।

বিবাহৰ পিছৰে পৰা ৰফিকুল ইছলামে যৌতুকৰ দাবীত ৰেহেনা বেগমৰ ওপৰত বিভিন্ন শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আছিল। কিছুদিন পূৰ্বে ৰেহেনা বেগমৰ স্বামী ৰফিকুল ইছলামৰ ঘৰ এৰি পিতৃ গৃহত আশ্ৰয় লৈ আছিল। দেওবাৰে এজন আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ গৈছিল ৰেহেনা বেগম।

নিশা আত্মীয়ৰ ঘৰত শুই থকা অৱস্থাত দুৰ্বৃত্তই ৰেহেনা বেগমৰ শৰীৰত এচিডেৰে আক্ৰমণ চলায়। ৰেহেনা বেমগৰ কাষতে শুই থকা নুৰেদা বেগম নামৰ মহিলা গৰাকীও এচিড আক্ৰমণৰ বলি হৈ আঘাতপ্ৰাপ্ত হয়। নিশাই মহিলা দুগৰাকীক উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

এচিড আক্ৰমণৰ বলি হোৱা মহিলা দুগৰাকীৰ অৱস্থা সংকটজনক হোৱাত পৰৱৰ্তী সময়ত মহিলা দুগৰাকীক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰা হয়। এচিড আক্ৰমণৰ এই ঘটনাই সমগ্ৰ জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইফালে ৰেহেনা বেগমৰ স্বামী ৰফিকুল ইছলাম পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।