গোসাঁইগাঁও : অন্য এজন ইংৰাজী ছাৰৰ অশ্লীল অডিঅ’ ভাইৰেল। এইবাৰ গোসাঁইগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপকৰ ছাত্ৰীক অশ্লীল প্ৰস্তাৱ। গোসাঁইগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপকে এগৰাকী ছত্ৰীক অশ্লীল প্ৰভাৱ দিয়াৰ অডিঅ’ ভাইৰেল হৈছে। বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ ইংৰাজী ছাৰ আফতাফিজুল ৰহমানৰ পিছত গোসাঁইগাঁও মহাবিদ্যালয়ৰ ইংৰাজী ছাৰ জয়নাল আবেদিনৰ ছত্ৰীলৈ অশ্লীল প্ৰস্তাৱ।

গোসাঁইগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক জয়নাল আবেদিনৰ মহাবিদ্যালয়খনৰ এগৰাকী ছাত্ৰীৰ সৈতে অশ্লীল অডিঅ’ ৰেকৰ্ডিং ভাইৰেল হোৱাত গোসাঁইগাঁও অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। দুদিন পূৰ্বে ইংৰাজী বিভাগৰ অধ্যাপক জয়নাল আবেদিনে এগৰাকী ছাত্ৰীক ফোন যোগে অশ্লীল প্ৰস্তাৱ দিয়াক কেন্দ্ৰ কৰি গোসাঁইগাঁও চহৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

বুধবাৰে পুৱা জয়নাল আবেদিনক নিলম্বন কৰাৰ দাবীত গোসাঁইগাঁও মহাবিদ্যালয়ত উপস্থিত হয় আছু, সদৌ বিটিআৰ বেংগলী ছাত্ৰ ফেডাৰেচন, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন আদিকে ধৰি বিভিন্ন দল-সংগঠন। ছোচিয়েল মিডিয়াত অশ্লীল অডিঅ’ ৰেকৰ্ডিং ভাইৰেল হোৱাত জয়নাল আবেদিনক নিলম্বন কৰাৰ দাবীত আছু, সদৌ বিটিআৰ বেংগলী ছাত্ৰ ফেডাৰেচন, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন আদি বিভিন্ন দল-সংগঠনে মহাবিদ্যালয়খনৰ সন্মুখ ভাগত প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ এগৰাকী প্ৰবক্তাৰ বিৰুদ্ধেও ছাত্ৰীক অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপন হৈছিল। চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা আফতাফিজুল ৰহমানে মহাবিদ্যালয়খনৰ এগৰাকী ছাত্ৰীক যৌনগন্ধী মেছেজ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছতে মহাবিদ্যালয়খনত সৃষ্টি হৈছিল এক উত্তপ্ত পৰিস্থিতিৰ। মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি আফতাফিজুল ৰহমানক নিলম্বন কৰাৰ দাবী জনাইছিল।