গুৱাহাটী : এইবাৰ প্ৰতিবাদ নহয়, এইবাৰ সমৰ্থন। এইবাৰ বিৰোধিতা নকৰি, পৰামৰ্শ পালন। ৰাজ্যিক বিজেপিৰ সভাপতি ভাৱেশ কলিতাৰ পৰামৰ্শ পালন কৰিলে বিৰোধী কংগ্ৰেছে। কেৱল পৰামৰ্শ পালনে নহয় কংগ্ৰেছ কৰ্মীয়ে ধন্যবাদ জ্ঞাপন কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভাৱেশ কলিতাক।

সাধাৰণতে দেখা যায় শাসকীয় দলৰ কথাৰ বিৰোধিতা কৰে বিৰোধী দল সমূহে। শাসকীয় দলৰ সিদ্ধান্তৰ বিৰুদ্ধে যায় বিৰোধী দল সমূহ। কিন্ত এইবাৰ ওলোটা হ’ল। এইবাৰ বিৰোধী দলে শাসকীয় দলৰ বিৰোধিতা নকৰি শাসকীয় দলক সমৰ্থন জনালে।

ৰাজনৈতিক পথাৰৰ দুই দল, বিজেলি আৰু কংগ্ৰেছ। এই দল দুটাই সদায় এটাৰ আনটোৰ বিৰোধিতা কৰে। কিন্তু এইবাৰ কংগ্ৰেছে বিজেপিৰ বিৰোধিতা নকৰি পূৰ্ণ সমৰ্থন আগবঢ়ালে। ৰাজ্যিক বিজেপিৰ সভাপতি ভাৱেশ কলিতাই দেওবাৰে আগবঢ়োৱা এক পৰামৰ্শ পালন কৰিলে কংগ্ৰেছে।

ৰাজ্যিক বিজেপিৰ সভাপতি ভাৱেশ কলিতাই পেট্ৰ’লৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে এখন বাইকত তিনিজনকৈ লোকক যাত্ৰা কৰাৰ বাবে পৰামৰ্শ দিছিল। সোমবাৰে ৰাজ্যিক বিজেপিৰ এই পৰামৰ্শ পালন কৰি এখন বাইকত তিনিকৈ কংগ্ৰেছ কর্মী যাত্ৰা কৰি ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীক ধন্যবাদ জ্ঞাপন কৰিলে।

মহানগৰী গুৱাহাটীত কংগ্ৰেছ কর্মী সকলে এখন বাইকত তিনিজনকৈ যাত্রা কৰি “ভৱেশ কলিতা ধন্যবাদ’ বুলি কয়। আনকি কংগ্ৰেছ কর্মী সকলে হাতে হাতে ভৱেশ কলিতা ধন্যবাদ লিখা প্লে কাৰ্ড প্ৰদৰ্শন কৰে। মহানগৰীৰ ৰাজপথত কেইবাখনো বাইকত তিনিজনকৈ কংগ্ৰেছ কর্মী উঠি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে পেট্ৰ’লৰ আৰু ডিজেলৰ মূল্য ইতিমধ্যে শতকৰ ঘৰ অতিক্ৰম কৰিলে। পেট্ৰ’লৰ আৰু ডিজেলৰ ধাৰাবাহিক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জলাকলা খুৱাই থাকৰ সময়ত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই এখন বাইকত তিনিজন লোকক যাত্রা কৰিবলৈ দিয়া পৰামৰ্শৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকী তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে।