আব্দুল হক

নগৰবেৰা : নগৰবেৰাত জব্দ বৃহৎ পৰিমাণৰ চোৰাং ফলা কাঠ। নগৰবেৰা বন বিভাগৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ চোৰাং ফলা কাঠ। নগৰবেৰাৰ বিভিন্ন অঞ্চলত চোৰাং কাঠৰ বেহা চলি থাকৰ অভিযোগ দীৰ্ঘদিনীয়া।

মঙলবাৰে নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ এটা দলে নগৰবেৰাৰ মালিবাৰীত চোৰাং কাঠৰ বিৰুদ্ধে এক অভিযান চলায়। অভিযানকালত মালিবাৰী সত্ৰৰ এখন দোকানত বিক্ৰীৰ বাবে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ চোৰাং ফলা কাঠ জব্দ কৰে বন বিভাগে।

জব্দকৃত চোৰাং কাঠখিনিৰ আনুমানিক বজাৰ মূল্য ৭ লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে বন বিভাগে। এক গোপন সুত্ৰৰ ভিত্তিত অভিযান চলাই বন বিভাগে অবৈধ চোৰাং কাঠখিনি জব্দ কৰে যদিও কোনো ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হোৱা নাই।

জব্দকৃত চোৰাং কাঠখিনি ৫ খন মালবাহী বাহনেৰে নগৰবেৰা বনাঞ্চলিক কাৰ্যালয়লৈ লৈ যায় বন বিভাগে। উল্লেখ্য যে নগৰবেৰাৰ বিভিন্ন অঞ্চলত একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে কাঠৰ অবৈধ বেহা চলাই থকাৰ অভিযোগ দীৰ্ঘদিনীয়া।