আজিজ আলী
মুকালমুৱা: বৰমাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাইকৰ খুন্দাত থিতাতে নিহত এগৰাকী মহিলা। পথ দুৰ্ঘটনাত মৃত্যু হোৱা মহিলা গৰাকী বৰঝাৰৰ গুনৱতী কলিতা বুলি চিনাক্ত।

নালবাৰী জিলাৰ বৰমাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। এএছ-১৫-আৰ-৮৯৭২ নম্বৰৰ এখন তীব্ৰবেগী বাইকৰ খুন্দাত থিতাতে নিহত হয় বৰঝাৰৰ গুনৱতী কলিতা নামৰ এগৰাকী মহিলা।

দুর্ঘটনাস্থলীত বৰমা আৰক্ষী উপস্থিত হৈ বাইক চালকজনক আটক কৰাৰ লগতে বাইকখন জব্দ কৰে। ইফালে মহিলা গৰাকীৰ মৃতদেহ মৰণোত্ত পৰীক্ষাৰ বাবে আৰক্ষীয়ে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।