গুৱাহাটী : ১২ আগষ্টৰ দিনটোত পালন কৰা হয় বিশ্ব হস্তী দিৱস। প্ৰতিবছৰৰ দৰে এইবাৰো ১২ আগষ্টৰ দিনটো বিশ্ববাসীয়ে বিভিন্ন কাৰ্যসূচীৰে বিশ্ব হস্তী দিৱস পালন কৰে। অসমতো বিভিন্ন কাৰ্যসূচীৰে বন বিভাগে পালন কৰে বিশ্ব হস্তী দিৱস। অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বনাঞ্চল সমূহৰ লগতে মহানগৰী গুৱাহাটীৰ কাষৰীয়া দীপৰ বিলতো বন বিভাগে পালন কৰে বিশ্ব হস্তী দিৱস।

অসমত থকা জলাশয় সমূহৰ ভিতৰত অতিকৈ গুৰুত্বপূৰ্ণ জলাশয় হৈছে দীপৰ বিল। এই বিলখন হৈছে অসমৰ একমাত্ৰ ৰামছাৰ ছাইট হিচাপে স্বীকৃতি লাভ কৰা বিল। দীপৰ বিলৰ মনোমোহা পৰিৱেশ আৰু ইয়াৰ জৈৱবৈচিত্ৰই এই বিলখনক অন্যান্য বিল সমূহৰ পৰা পৃথক কৰি ৰাখে। লাখ লাখ পৰিভ্ৰমী চৰাইৰ লগতে দীপৰ বিল হৈছে বনৰীয়া হাতীৰ বিচৰণস্থলী।

দীপৰ বিলৰ গাতে লাগি থকা গড়ভঙা পাহাৰৰ বনৰীয়া হাতী সমূহৰ জাক খাদ্যৰ সন্ধানত প্ৰায়ে নামি আহে দীপৰ বিলৰ বুকুত। দীপৰ বিলৰ কাষত বসবাস কৰা লোক সকলৰ মাজত হাতী সংৰক্ষণৰ সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যেৰে বন বিভাগে দীপৰ বিল সুৰক্ষা মঞ্চৰ সহযোগত দীপৰ বিলৰ পাৰত পালন কৰে বিশ্ব হস্তী দিৱস। দীপৰ বিলৰ পাৰত থকা চকৰ্দো দেশভক্ত তৰুণৰাম ফুকন এম ই স্কুলত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় বিশ্ব হস্তী দিৱস।

বিশ্ব হস্তী দিৱসৰ লগত সংগতি ৰাখি চকৰ্দো দেশভক্ত তৰুণৰাম ফুকন এম ই স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছতে দীপৰ বিলৰ পাৰত গছ পুলি ৰোপণ আৰু অঞ্চলটোৰ ৰাইজক হাতীক সুৰক্ষা আৰু সংৰক্ষণ প্ৰদানৰ বাবে এক সজাগতা সভা অনুষ্ঠিত কৰা হয়। বিশ্ব হস্তী দিৱসৰ এই কাৰ্যসূচীত বন বিভাগ, দীপৰ বিল সুৰক্ষা মঞ্চ, ছাত্ৰ-ছাত্ৰী সকলৰ লগতে আঞ্চটোৰ বহু লোকে অংশগ্ৰহণ কৰে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাই থকা হাতী আৰু মানুহৰ সংঘাতক লৈ দীপৰ বিল সুৰক্ষা মঞ্চৰ ফালৰ পৰা চিন্তা ব্যক্ত কৰা হয়। এই সম্পৰ্কে দীপৰ বিল সুৰক্ষা মঞ্চৰ সম্পাদক প্ৰমোদ কলিতাই কয় “দীপৰ বিলৰ কাষৰীয়া অঞ্চল আৰু গড়ভঙা পাহাৰৰ মাজত থকা গাঁও সমূহত হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা নাযায়, ইয়াৰ একমাত্ৰ কাৰণ হৈছে এই।অঞ্চলৰ ৰাইজ হাতীৰ লগত বসবাস কৰিব জানে। হাতী লগত বসবাস কৰিবলৈ জানিলে কেতিয়াও হাতী আৰু মানুহৰ মাজত সংঘাতৰ সৃষ্টি নহয়।”

প্ৰমোদ কলিতাই লগতে কয় যে আমি হাতীৰ সুৰক্ষা আৰু সংৰক্ষণকলৈ হস্তী দিৱস পালন কৰো যদিও আমি বনাঞ্চল ধ্বংস অব্যাহত ৰাখিছোঁ। বনাঞ্চল ধ্বংসৰ ফলত হাতী বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈছে। আজিৰ কাৰ্যসূচীৰ জৰিয়তে কিদৰে হাতী আৰু মানুহ একেলগে বসবাস কৰি হাতী আৰু মানুহৰ সংঘাত ৰোধ কৰিব পাৰি এই সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰচেষ্টা লোৱা হৈছে বুলিও কয় প্ৰমোদ কলিতাই।