গুৱাহাটী : জাল নোটসহ ৰূপহীহাটত তিনিজন আৰু মানকাচৰত দুজন গ্ৰেপ্তাৰ। ৰূপহীহাটত এগৰাকী মহিলা আৰু দুজন বহিঃৰাজ্যৰ জাল নোট চক্ৰৰ সদস্য গ্ৰেপ্তাৰ। মানকাচৰৰ জাল নোট চক্ৰৰ সদস্য দুজনৰ কবলৰ পৰা জব্দ ১৪ হাজাৰ টকাৰ জাল নোট।

নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষীয়ে জাল নোট চক্ৰ এটা উৎসাত কৰিবলৈ সক্ষম হৈছে। এক গোপন খবৰৰ ভিত্তিত ৰূপহীহাট আৰক্ষীয়ে অভিযান চলাই জাল নোট চক্ৰটো উৎসাত কৰে। অভিযানকালত আৰক্ষীয়ে এগৰাকী মহিলাসহ বহিঃৰাজ্যৰ জাল নোট চক্ৰৰ তিনিজন সদস্যক গ্ৰেপ্তাৰ কৰে।

ৰূপহীহাটৰ বৰঘাটত অভিযান চলাই আৰক্ষীয়ে জাল নোট বনোৱা মেচিনসহ তিনিজনক গ্ৰেপ্তাৰ কৰে। জাল নোট চক্ৰটোৰ সদস্য তিনিজনৰ ভিতৰত অৰুণাচল প্ৰদেশকৰ স্বপনা ছাংফা নামৰ এগৰাকী মহিলা, ত্ৰিপুৰাৰ উদয় শংকৰ চাকমা আৰু ত্ৰিশ্বংকাৰ চাকমা।

ৰূপহীহাট আৰক্ষীয়ে জাল নোট চক্ৰটোৰ সদস্য তিনিজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। দীৰ্ঘদিন ধৰি এই জাল নোট চক্ৰটোৰ সদস্য তিনিজনে ভিতৰুৱা গাঁও অঞ্চলত জাল নোটৰ বেহা চলাই আছিল বুলি জানিব পৰা গৈছে।

ইফালে বুধবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ কালাপানীৰ অন্তৰ্গত নালডোবাত জিলা আৰক্ষীয়ে অভিযান চলাই জাল নোটসহ দুজনক গ্ৰেপ্তাৰ কৰে। লোক দুজনৰ পৰা আৰক্ষীয়ে ১৪ হাজাৰ টকাৰ জাল নোট জব্দ কৰে।

আৰক্ষীয়ে লোক দুজনৰ পৰা মুঠ ২৮ টা ৫০০ টকাৰ জাল নোট জব্দ কৰে। ধৃত লোক দুজন হৈছে মফিদুল মণ্ডল আৰু ছাদদাম হুছেইন। দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীৰ উপ-অধীক্ষক এছ চাংছানৰ নেতৃত্বত চলিছিল অভিযান।