জোনমণি বেগম
বিশ্বনাথ
৯ জুলাই

বিশ্বনাথত আইন নমনা এজন যুৱকৰ উদ্ভণ্ডালিয়ে আচৰিত কৰি তোলে সকলোকে। আৰক্ষীৰ সন্মুখতে আইন নমনা যুৱকজনে দিয়ে পাকিস্তান জিন্দাবাদ, নৰেন্দ্ৰ মোদী মূর্দাবাদ ধ্বনি। বিশ্বনাথ চাৰিআলি পুলিচ পইন্টত আৰক্ষীৰ সৈতে বাক যুদ্ধত মিলিত হয় বিশ্বনাথৰ দেৱজিৎ দাস নামৰ যুৱকজন। কভিড নীতি-নিৰ্দেশনা নমনাৰ বাবে আৰক্ষীয়ে যুৱকজনক প্ৰশ্ন কৰাৰ আৰক্ষীৰ সৈতে বাক যুদ্ধত মিলিত হৈ যুৱকজনে পাকিস্তান জিন্দাবাদ আৰু নৰেন্দ্ৰ মোদী মূর্দাবাদ ধ্বনি দিয়ে।

বিশ্বনাথৰ যানবাহন আৰক্ষীয়ে ক’ভিড বিধি নমনাকৈ চহৰৰ মাজত ঘূৰি ফুৰা লোক সকলক সোধা পোছা কৰি থাকোতেই মাস্ক পৰিধান নকৰা দেৱজিৎ দাস নামৰ যুৱকজনক আৰক্ষীয়ে প্ৰত্যক্ষ কৰে। যুৱকজনে মুখত মাক্স কিয় পিন্ধা নাই বুলি আৰক্ষীয়ে প্ৰশ্ন কৰাত যুৱকজন উত্তেজিত হৈ মই কৰোণা নামানো বুলি কয়। আৰক্ষীৰ দলটোয়ে দেবজিৎ নামৰ যুৱকজনৰ মটৰ চাইকেলৰ নথি-পত্ৰ বিচৰাৰ লগতে হেলমেট নিপিন্ধাৰ সন্দৰ্ভত প্ৰশ্ন কৰাত আৰক্ষীৰ লগত তৰ্ক-বিতৰ্কত লিপ্ত হৈ হঠাৎ যুৱকজনে পাকিস্তান জিন্দাবাদ, নৰেন্দ্ৰ মোদী মূৰ্দাবাদ ধ্বনি দিয়াৰ অভিযোগ উত্থাপন কৰে কৰ্তব্যৰত আৰক্ষী দলটোৱে। আৰক্ষীৰ দলটোৱে পিছত যুৱকজনক গাড়ীত উঠাই বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত লৈ যায়।

ইফালে দেৱজিৎ দাসৰ পৰিয়ালে জানিবলৈ দিয়ে যে যুবকজন দীর্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অবস্থাত থকাৰ বাবে যুৱকজনে মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা উপক্ৰম হৈছে। পাকিস্তান জিন্দাবাদ, নৰেন্দ্ৰ মোদী মূর্দাবাদ ধ্বনি দিয়া দেৱজিৎ দাস নামৰ যুবকজন বৰ্তমান বিশ্বনাথ আৰক্ষী থানাৰ জিম্মাতে আছে। পৰবৰ্তী সময়তহে আৰক্ষীয়ে যুবকজনে সংঘটিত কৰা এই ঘটনা উদ্দেশ্য প্ৰনোণিত আছিল নে মানসিক ভাৰসাম্য হেৰুৱাৰ বাবেহে যুবকজনে এনে আচৰণ কৰিলে এই বিষয়ে তদন্ত কৰিহে যুবকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।