জোনমণি বেগম

বিশ্বনাথ : গৰু বিহুৰ দিনাই বিশ্বনাথত অঘটন। গৰু ধোৱাবলৈ গৈ বিশ্বনাথত এজন যুৱকৰ মৃত্যু। অজলাসুঁতি নৈত গৰু ধোৱাবলৈ গৈ সলিল সমাধি ঘটে নিতুল শইকীয়া নামৰ এজন যুৱকৰ।

আজি গৰু বিহু। ৰাজ্যজুৰি গৰু বিহু উপলক্ষে উখল মাখল পৰিৱেশ। গো-দেৱতাৰ প্ৰতি সন্মান জনাই ৰাজ্যজুৰি উদযাপন কৰা হৈছে গৰু বিহু। পুৱাৰ ভাগৰে পৰা গৰুক মাহ-হালধিৰে নদী বা পুখুৰীত গা ধোৱাবলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে গঞা ৰাইজক।

অসমীয়াৰ নানান বিশ্বাস জড়িত হৈ থকা গৰু বিহুৰ দিনাই বিশ্বনাথত সংঘটিত হৈছে এক অঘটন। গৰু ধোৱাবলৈ গৈ এজন যুৱকৰ সলিল সমাধি ঘটিছে বিশ্বনাথত। বিশ্বনাথৰ গঁড়েহাগী গাঁৱত গৰু বিহুৰ দিনা সংঘটিত হৈছে এই শোকাবহ ঘটনা।

অজলাসুঁতি নৈত নিতুল শইকীয়া নামৰ এজন যুৱক গৰু ধোৱাবলৈ গৈ নৈত উটি যায়। গৰু ধোৱাই অজলাসুঁতি নৈ ইপাৰ সিপাৰ হ’বলৈ চেষ্টা চলাওঁতে নিতুল শইকীয়া নামৰ যুৱকজন নৈত উটি যায়। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে নৈৰ পৰা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে।