শিলচৰ : কাছাৰত জব্দ ৪২ কোটি টকা মূল্যৰ ড্ৰাগছ। কামৰূপ মহানগৰ আৰক্ষীয়ে কাছাৰত জব্দ কৰিছে বৃহৎ পৰিমাণৰ প্ৰায় ৪২ কোটি টকা মূল্যৰ ড্ৰাগছ। তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীও পৰিছে কামৰূপ মহানগৰ আৰক্ষীৰ জালত।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত। ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলোৱা ধাৰাবাহিক অভিযানত নিতৌ জব্দ হৈ আছে বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযানৰ মাজতো ড্ৰাগছ সৰবৰাহকাৰী সকলে চলাই গৈছে ড্ৰাগছৰ সৰবৰাহ।

কামৰূপ মহানগৰ আৰক্ষীয়ে কাছাৰত এক ড্ৰাগছ বিৰোধী অভিযান চলাই প্ৰায় ৪২ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। কাছাৰৰ জিৰীঘাট অঞ্চলৰ পৰা কামৰূপ মহানগৰ আৰক্ষীৰ অভিযানকাৰী দলটোৱে জব্দ কৰে ০.৫ কেজি হেৰ’ইন আৰু ১.৫ লাখ নিচাযুক্ত টেবলেট। এখন ট্ৰাকৰ পৰা আৰক্ষীয়ে জব্দ কৰে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।

এক গোপন খবৰৰ ভিত্তিত যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত কামৰূপ মহানগৰ আৰক্ষীৰ এটা দল কাছাৰৰ জিৰীঘাট অঞ্চলত অভিযান চলাবলৈ গৈছিল।এমএন-০৭-চি-৩৫৯৪ নম্বৰৰ এখন ট্ৰাকত তালাচী চলাই আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনিৰ লগতে তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী তিনিজনক জেৰা চলাই আছে।