আজিজ আলী

মুকালমুৱা : ন্যায় বিচাৰি প্ৰতিবাদ। নলবাৰীত ন্যায় বিচাৰি হাতে হাতে ফেষ্টুন লৈ একাংশ যুৱকৰ প্ৰতিবাদ। অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ ফলাফল বিসংগতিৰ অভিযোগ নলবাৰীৰ একাংশ প্ৰাৰ্থীৰ।

ন্যায় বিচাৰি নলবাৰীৰ ৰাজপথলৈ ওলাই আহিল একাংশ ভুক্তভোগী যুৱক। প্ৰতিবাদ সাব্যস্ত কৰা এই যুৱক সকলে আমাক ন্যায় লাগে, আমাক ন্যায় দিয়ক আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

যুৱক সকলে অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত বিসংগতিৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদকাৰী যুৱক সকলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে।

২০১৮ চনৰ পৰা অসম আৰক্ষীৰ কনিষ্টবল আদি পদত সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি চলোৱাৰ পিছতো একাংশ প্ৰাৰ্থী বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী যুৱক সকলে। উল্লেখ্য যে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ যুৱকে।