গুৱাহাটী, ৮ অক্টোবৰ, ২০২৩ : মহানগৰীৰ মাজ মজিয়াত চাঞ্চল্যকৰ ঘটনা। এখন স্কুটীত মৃতদেহ কঢ়িয়াই নি ফুৰিছে এজন লোকে। দিনৰ পোহৰতে স্কুটীত মৃতদেহ লৈ ঘূৰি ফুৰিছে এজন লোকে। এই শিহৰণকাৰী দৃশ্য আৱদ্ধ হৈছে চি চি টিভি (CCTV) কেমেৰাত। অৱশেষত মৃতদেহ পেলাই পলায়ন কৰে লোকজনে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

মহানগৰীৰ গুৱাহাটীত নিৰাপত্তাহীন এতিয়া মহানগৰবাসী। মহানগৰ আৰক্ষী সৰ্বসাধাৰণ লোকক নিৰাপত্তা প্ৰদানত ব্যৰ্থ হোৱাৰ উদাহৰণ হ’ল দিনৰ পোহৰতে এজন লোকে স্কুটীত মৃতদেহ লৈ ঘূৰি ফুৰাৰ দৃশ্য। মহানগৰীত এই ভয়ংকৰ আৰু শিহৰণকাৰী দৃশ্য বন্দী হৈছে চি চি টিভি কেমেৰাত। নুনমাটি অঞ্চলৰ এই ঘটনাই এতিয়া মহানগৰবাসীৰ চকু কপালত তুলিছে। মহানগৰবাসী কিমান নিৰাপদ ইয়াকলৈ প্ৰশ্ন উত্থাপন হৈছে।

নুনমাটি অঞ্চলৰ গণেশ মন্দিৰ পথৰ ১৪ নং উপপথত এজন লোকে দিনৰ পোহৰতে স্কুটীত এটা মৃতদেহ লৈ ঘূৰি ফুৰিছিল। এই ঘটনা শনিবাৰৰ সন্ধিয়া ৬ মান
বজাৰ বুলি জানিব পৰা গৈছে। দেওবাৰে দিনৰ ভাগত পোহৰলৈ আহে এই ঘটনা। এজন লোকক হত্যা কৰি মৃতদেহ পেলাই দিয়াৰ উদ্দেশ্যেৰে স্কুটীৰ আগফালে মৃতদেহ কঢ়িয়াই লৈ ঘূৰি ফুৰিছিল এজন লোকে। স্কুটী চলাই অহা লোকজনে মৃতদেহটো প্ৰথমে ১২ নম্বৰ উপপথত পেলাবলৈ চেষ্টা কৰিছিল যদিও স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাত লোকজন ১৪ নম্বৰ উপপথৰ ফালে গুচি যায়।

১৪ নম্বৰ উপপথত মৃতদেহ পেলাই লোকজন পলাই যায়। স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে চি চি টিভিত বন্দী হোৱা স্কুটীত মৃতদেহ লৈ ঘূৰি ফুৰা দৃশ্য সংগ্ৰহ কৰি তদন্ত অব্যাহত ৰাখিছে যদিও এই সন্দৰ্ভত বৰ্তমানলৈকে কোনো লোকক আটক কৰা নাই। মৃতদেহটো ৰোহিত দৰ্জী নামৰ এজন লোকৰ বুলি চিনাক্ত কৰা হৈছে। কোনে আৰু কিয় ৰোহিত দৰ্জী নামৰ লোকজনক হত্যা কৰিলে জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্তৰ পিছতে হত্যাকাণ্ডৰ কাৰণ পোহৰলৈ আহিব।

উল্লেখ্য যে, মহানগৰী গুৱাহাটীত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অপৰাধমূলক ঘটনা। অপৰাধীৰ ঘটিত পৰিণত হৈছে মহানগৰী গুৱাহাটীৰ কেইবাটাও অঞ্চল। চুৰি, ডকাইতি, হত্যা যেন এতিয়া সাধাৰণ ঘটনাত পৰিণত হৈছে গুৱাহাটীত। দিনৰ পোহৰতে মহানগৰীত লুটি নিয়া হয় ধন, কাটি নিয়া হয় মহিলাৰ ডিঙিৰ পৰা চেইন। এতিয়া দিনৰ পোহৰতে হত্যাকাৰীয়ে মৃতদেহ পেলাই যায় ৰাজপথত।