ৰঙাপৰা, ৯ অক্টোবৰ, ২০২৩ : পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত এগৰাকী মহিলা (Wild Elephant Killed Lady)। দেওবাৰে নিশাৰ ভাগত সংঘটিত হয় এই শোকাবহ ঘটনা। নিশা শুই থকা অৱস্থাত বনৰীয়া হাতীয়ে গছকি হত্যা কৰে মহিলা গৰাকীক। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছিল বনৰীয়া হাতীৰ এটা বৃহৎ জাক। ঘটনা স্থলীত বন বিভাগ আৰু আৰক্ষীৰ উপস্থিত হৈ মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যবস্থা কৰে।

শোণিতপুৰ জিলাৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। বিশেষকৈ অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী অঞ্চল সমূহত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে। অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী অঞ্চল সমূহত প্ৰতিদিনে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত সংঘটিত হৈ থকা বুলি কলেও ভুল নহ’ব। এই সংঘাতৰ ফলত ইতিমধ্যে বহু লোক নিহত হোৱাৰ সমান্তৰালে প্ৰাণ হেৰুৱাইছে কেইবাটাও বনৰীয়া হাতীয়ে।

দেওবাৰে নিশাৰ ভাগত বনৰীয়া হাতী আৰু মানুহৰ সংঘাতৰ ফলত পুনৰ এগৰাকী মহিলাই প্ৰাণ হেৰুৱাইছে। এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰঙাপৰা অঞ্চলৰ জামুনবিল গাঁৱত। দেওবাৰে নিশাৰ ভাগত খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা এটা বৃহৎ বনৰীয়া হাতীৰ জাকে অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰে। বনৰীয়া হাতীৰ জাকটোৱে মানুহৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰি এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে।

ঘৰ শুই থকা অৱস্থাত বনৰীয়া হাতীৰ জাকটোৱে আক্ৰমণ চলায় ৰীতামণি ইন্দুৱাৰ নামৰ এগৰাকী মহিলাৰ ঘৰত। শুই থকা অৱস্থাতে বনৰীয়া হাতীয়ে গছকি হত্যা কৰে ৰীতামণি ইন্দুৱাৰ নামৰ মহিলা গৰাকীক। বনৰীয়া হাতীৰ আক্ৰমণত ৫০ বছৰীয়া ৰীতামণি ইন্দুৱাৰ নামৰ মহিলা গৰাকীৰ মৃত্যু হোৱাত অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰিছে। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত বন বিভাগ আৰু আৰক্ষীৰ লোক উপস্থিত হৈ মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

অঞ্চলটোত দীর্ঘদিন ধৰি বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই থকাৰ বাবে ৰাইজে উজাগৰী নিশা কটাব লগীয়া হৈছে। উল্লেখ্য যে এমাহ পুৰ্বেও জামুনবিল গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত দুজন লোক নিহত হৈছিল। শোণিতপুৰ জিলাৰ লগতে ওদালগুৰি, গোৱালপাৰা আৰু গোলাঘাট জিলাত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ভয়াবহভাৱে বৃদ্ধি পাইছে। কিছুদিন পূৰ্বে ওদালগুৰিৰ ডিমাকুচিৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছিল এজন ৫৫ বছৰীয়া লোক