কলগাছিয়াৰ প্ৰতিবেদক, ৪  আগষ্টঃ বৰপেটাৰ জনীয়া সমষ্টিৰ বাঘবৰ ৰাজহ চক্ৰৰ অধীনস্থ আলিপুৰস্থিত মন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত ৮০২ নং আলিপুৰ ৰৌফালা প্ৰাথমিক বিদ্যালয়খন বেকী নদীত নিশ্চিহ্ন হৈছে৷ বিদ্যালয়খন বেকী নদীত জাহ যোৱাত চৰম হতাশাত ভূগিছে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰীসকল। দ্বিতীয়টো গুণোৎসৱৰ প্ৰস্তুতি চলি থকাৰ সময়তে বিদ্যালয়খন বেকী নদীয়ে উচন কৰাত ১৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈ অন্ধকাৰ নামি আহিছে। বৰ্তমান এই ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদান বন্ধ হৈ আছে৷ আনহাতে বিগত সময়ছোৱাত বানপানীৰ পিছৰে পৰাই বেকী নদীয়ে সংহাৰী ৰূপ ধাৰন কৰি আলিপুৰ গাঁৱৰ তোতা মিয়া, জাফৰ আলী, হাফিজুৰ ৰহমান, মতালেব আলী, কিতাব আলী, মফিজ উদ্দিন, তবিবৰ ৰহমান, আনোৱাৰ ৰহমান, ময়নাল হক, লোকমান আলী আৰু আনাৰ আলীৰ ঘৰ-ভেটিৰ লগতে আলিপুৰ মছজিদ আৰু প্ৰাথমিক বিদ্যালয়খনৰ উচন কৰাৰ উপৰি ৰছুলপুৰ গাঁৱৰ ওৱাজেদ আলী, ওমেদ আলী, বক্কাৰ আলী, গোলাম ছৰোৱাৰ আৰু ইছমাইল হুছেইনৰ ঘৰ- দুৱাৰ বেকী নদীয়ে উচন কৰে৷ মাত্ৰ এসপ্তাহৰ ভিতৰত বেকী নদীৰ গৰাখহনীয়াই গাঁওখনৰ কুৰিৰো অধিক লোকৰ ঘৰ-দুৱাৰ, খেতি মাটি উচন কৰাৰ পিছতে নিশাত সংঘটিত গৰাখহনীয়াত জনীয়া সমষ্টিৰ মানচিত্ৰৰ পৰা ৮০২ নং আলিপুৰ ৰৌফালা প্ৰাথমিক বিদ্যালয়খন নিশ্চিহ্ন হৈ পৰে। ইয়াৰ পিছতো চৰকাৰ তথা প্ৰশাসনে নিষ্কিয় ভূমিকা গ্ৰহণ কৰাত খহনীয়াগ্ৰস্থ লোক ক্ষুদ্ধ হৈ পৰিছে। ক্ষতিগ্ৰস্ত সকলে অতিশীঘ্ৰে ক্ষতিপূৰণ আৰু পুনৰসংস্থাপন দিয়াৰ লগতে বিদ্যালয়খন পুণঃনিৰ্মাণ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছে।