গুৱাহাটী, ২২ জুনঃ নিশাটোৰ ভিতৰতে অহা এজাক মুষলধাৰ বৰষুণে গুৱাহাটীত সৃষ্টি কৰা কৃত্ৰিম বানৰ ফলত দুলাল মালাকৰ নামৰ এজন লোক বিদুৎপৃষ্ট হৈ মৃত্যুৰ মুখত পৰে৷ প্ৰাপ্ত তথ্য অনুহৰি, নিহত দুলাল মালাকাৰ ঘৰ কামৰূপৰ ডিমুৰ সমীপৱৰ্তী বাহাৰঘাটত৷ কেএফচিৰ কৰ্মচাৰী দুলালে নিশা নৈশ কাম সমাপ্ত কৰি বৰষুণৰ মাজতে কৰ্মস্থলীৰ পৰা গৃহ অভিমুখে গৈ থকা সময়তে পানীৰ তলত পৰি থকা উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি থিতাতে মৃত্যুক সাৱতি লয়। ৰাজ্য চৰকাৰে দুলাল মালাকাৰৰ মৃত্যু ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে  প্ৰয়াত মালাকৰৰ পত্নীলৈ ৪ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য ঘোষনা কৰিছে৷ আনহাতে, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডেও  ২.৫০ লাখ সাহাৰ্য্য ঘোষণা কৰিছে৷ লগতে, প্ৰয়াত লোকজনৰ পত্নীয়ে বিচাৰিলে সংস্থাপনৰো দ্বায়িত্ব ল’ব অসম শক্তি বিতৰণ কোম্পানীয়ে৷ ইয়াৰ উপৰি অসম শক্তি বিতৰণ কোম্পানীয়ে এই ঘটনাৰ নিজাববীয়াকৈ তদন্ত কৰি জুৰোডৰ বিদ্যুৎ সংমণ্ডলৰ দুই বিষয়া ক্ৰমে চিৰঞ্জীৱ হাজৰিকা আৰু অনন্ত শইকীয়াক নিলম্বিত কৰিছে৷ উল্লেখ্য যে, কিছুদিনৰ পূৰ্বেও জুৰোডত কৃত্ৰিম বানৰ মাজত বিদ্যুৎপৃষ্ট হৈ পুষাণ কলিতা নামৰ এজন স্কুলীয়া ছাত্ৰৰ লগতে আনোৱাৰ হুছেইন নামৰ এজন ৰিক্সাচালক মৃত্যুমুখত পৰিছিল৷ পুষাণ আৰু আনোৱাৰৰ পৰিয়াললৈ চৰকাৰে ৪ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰাৰ পিছত আজি পুনৰ একে ঘটনাৰ পুনৰাবৃত্তি হৈ মৃত্যুক সাৱতি লোৱা দুলালৰ পৰিয়াললৈও ৰাজ্য চৰকাৰে একে ঘোষণা কৰি নিজৰ গাফিলতি গাপ দিয়াৰ চেষ্টা কৰিছে নেকি? জুৰোডত প্ৰায় দুই সপ্তাহৰ ভিতৰত তিনিজনকৈ লোকে কৃত্ৰিম বানৰ মাজত বিদ্যুৎপৃষ্ট হৈ মৃত্যুক সাৱতি লোৱা ঘটনাই ৰাজ্য চৰকাৰ আৰু বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিকে প্ৰমাণিত কৰে৷ ইয়াৰ পূৰ্বেও মহানগৰীত কৃত্ৰিম বানত নলাত পৰি কেইবাজনো লোকে মৃত্যুক সাৱতি লৈছে৷ কিন্তু প্ৰতিবাৰেই চৰকাৰে ঘটনাৰ তদন্ত আৰু মৃত লোকৰ পৰিয়ালবৰ্গক আৰ্থিক সাহাৰ্য্য ঘোষনা কৰি নিজৰ দ্বায়িত্ব সমাপন কৰিছে৷ এজাক বৰষুণত পদপথৰ নলা আৰু বিদ্যুৎপৃষ্ট হৈ মৃত্যুক সাৱতি লোৱাৰ ঘটনা দৈনন্দিন কাৰ্যত পৰিণত হ’বনে নে ৰাজ্য চৰকাৰে ইয়াৰ উচিত তদন্ত কৰি ফলপ্ৰসূ পদক্ষেপ হাতত ল’ব৷ কৃত্ৰিম বানৰ মাজত মৃত্যুক সাৱতি লোৱা অঞ্চল পৰিদৰ্শন কৰিবলৈ পঠোৱা চৰকাৰৰ প্ৰতিনিধিয়ে অঞ্চলটো পৰিদৰ্শনৰ লগতে ঘটনাৰ সঠিক তদন্ত কৰি দায়ী বিষয়া-কৰ্মচাৰীৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলেহে এনে কৰুণ ঘটনাৰ অন্ত পৰাৰ সম্ভাৱনা ব্যক্ত কৰিব পাৰি৷ পৰিবৰ্তনৰ শ্ল’গান দি শাসনৰ গাদী দখল কৰা বিজেপি মিত্ৰজোঁটৰ চৰকাৰে প্ৰকৃততে নিৰ্বাচনৰ প্ৰাকক্ষণত দিয়া শ্ল’গানৰ অৰ্থ বুজি বাস্তৱ ক্ষেত্ৰত ইয়াক প্ৰয়োগ কৰি ৰাজ্যখনৰ অমূল পৰিবৰ্তন সাধন কৰিব বুলি আশাহে কৰিব পাৰি৷