গুৱাহাটী, সংবাদ ৩৬৫, ১৮ জুলাইঃ চৰকাৰৰ বাধাস্বত্বেও গুৱাহাটীত উপস্থিত হ’ল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি ডাঃ প্ৰবীন ভাই টোগড়ীয়া । বৰঝাৰ বিমানবন্দৰত ১০:৩০ বজাত ’গ-এয়াৰ’ বিমানযোগে আহি উপস্থিত হয় ডাঃ প্ৰবীন ভাই টোগড়ীয়া। ডাঃ প্ৰবীন ভাই টোগড়ীয়াক বিমানবন্দৰৰ ভিতৰতে আদৰণি জনায় ৰাষ্ট্ৰীয় বজৰং দলে । বৰঝাৰ বিমানবন্দৰৰ ভিতৰত চাহ-ৰুটি গ্ৰহন কৰি মুখত কলা কাপোৰ পৰিধান কৰি কয়- “মেৰে বোলনে পৰ আসাম চৰকাৰ নে বন্দী ক্যি হ্যে । মে ভাৰত কা নাগৰিক হ্যু । লেকিন মুঝে বোলনে কা মুলভুত অধিকাৰ ন্যহি । কিয়্যকি ম্যে অতচ্চাা পক্কা হিন্দু হ্যু । ” লেখা বেনাৰ গলত উলোমাই লৈ আহে । সমগ্ৰ বিমানবন্দৰ চৌ জয়…শ্ৰী ৰাম ধব্বনিৰে মুখৰিত হৈ উঠে । মাছখোৱাত এখন হিন্দু মহাসভাত অংশগ্ৰহন কৰিবলৈ উপস্থিত হোৱা এই সভাপতি জনে বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে কাম্যাখ্যা মন্দিৰলৈ ৰাওনা হয় । চৰকাৰে তেওঁক অসমত প্ৰৱেশ কৰিবলৈ অনুমতি নিদিয়াৰ লগতে সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰাৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে সেয়ে যিকোনো মূহুৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে প্ৰবীন ভাই টোগড়ীয়া । আনহাতে ৰাষ্ট্ৰীয় বজৰং দলে সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ ধব্বনিৰে কঁপাই তোলে বৰঝাৰ বিমানবন্দৰৰ চৌহদ । বজৰংদলৰ সমৰ্থকক ঠিকা থুকুলি, চাকৰি দিম বুলি টোপ দিছে বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে । লগতে বিভিন্ন স্থাপনৰ বজৰংদলৰ সমৰ্থকৰ প্ৰায় ৩০০ গাড়ী আৰক্ষীয়ে বাধা দি ৰখা বুলি মন্তব্য কৰে বজৰংদলৰ সমৰ্থক সককলে ।