সংবাদ ৩৬৫, ১৬ ফেব্ৰুৱাৰীঃ শুক্ৰবাৰৰ পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ইংৰাজী প্ৰশ্নকাকত মোবাইল ফোনৰ মাধ্যমেৰে ফাদিল হোৱাৰ এক ঘটনা সংঘটিত হৈছে দক্ষিণ শালমাৰাৰ এটা পৰীক্ষা কেন্দ্ৰত। এম টেট নামৰ এটা হোত্সআপ গ্ৰুপত পৰীক্ষা আৰম্ভ হোৱাৰ এক ঘণ্টাৰ পিছত ৮০১১৭৫৮৩৪৯ নম্বৰৰ পৰা গ্ৰুপটোলৈ প্ৰশ্ন কাকতখনৰ চাৰিটা পৃষ্ঠা আহে। যি সময়ত শিক্ষা বিভাগে পৰীক্ষা কেন্দ্ৰ সমূহত চিচিটিভি কেমেৰা সংস্থাপন কৰিছে সেই সময়ত পৰীক্ষা কেন্দ্ৰৰ পৰা কেনেকৈ পৰীক্ষাৰ্থীয়ে মোবাইল যোগে প্ৰশ্ন কাকত ফাদিল কৰিলে। শুক্ৰবাৰৰ পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা অহা ৪ মাৰ্চলৈ চলিব। শুক্ৰবাৰে প্ৰথম দিনাৰ ইংৰাজী বিষয়ৰ পৰীক্ষা দিবলৈ ৰাজ্যৰ বিভিন্ন বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলে পুৱা ভিৰ কৰা পৰিলক্ষিত হৈছিল।