ধুবুৰী, সংবাদ ৩৬৫, ১৮ এপ্ৰিলঃ স্বচ্ছ ভাৰত দিৱস উপলক্ষে বুধবাৰে ধুবুৰী জিলাত এক বিশাল শোভাযাত্ৰা উলিওৱা হয়। ৰাইজৰ মাজত স্বচ্ছ ভাৰতৰ সজাগতা অনাৰ প্ৰয়াসৰে ধুবুৰী জিলা পানী আৰু অনাময় সমিতিৰ উদ্যোগত ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰৰ পৰা উলিওৱা এই শোভাযাত্ৰাত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে কেন্দ্ৰীয় ডনাৰ মন্ত্ৰণালয়ৰ নডেল বিষয়া ভিএল ৰুই কুল্লাই অংশগ্ৰহণ কৰে। কৰে। শোভাযাত্ৰাৰ শুভাৰম্ভ কৰি সমগ্ৰ দেশতেই চলি থকা স্বচ্ছ ভাৰত অভিযান সফল হৈছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় ডনাৰ মন্ত্ৰণালয়ৰ নডেল বিষয়া গৰাকীয়ে। কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ সচিব একে সিঙ আৰু জিলা আৰক্ষী অধীক্ষক লংনিত তেৰাং, জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ লগতে সচেতন ৰাইজৰ উপস্থিতিত স্বচ্ছ ভাৰত দিৱসৰ কাৰ্যসূচী পালন কৰা হয় ধুবুৰীত।