শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ১৭ জুলাইঃ প্ৰদুষণ ৰোধ কৰিবৰ বাবে সজাগতামুলক ব্যৱস্থা হাতত লৈছে নাজিৰাবাসী। আগন্তক শীত ঋতুৰ সময়ত উদ্ভৱ হ’ব পৰা সম্ভাৱ্য প্ৰদুষণ ৰোধ কৰিবৰ বাবে আগতীয়াকৈ ল’ৱ পৰা কেতবোৰ সজাগতামুলক ব্যৱস্থা সন্দৰ্ভত নাজিৰা মহকুমাৰ মহকুমাধিপতি ৰাজীৱ থাপাৰ সভাপতিত্বত বৃহত্তৰ স্থানীয় বিহুবৰ অঞ্চলৰ শিল ব্যৱসায়ী সন্থাৰ বিষয়-ববীয়াৰ লগত এক দ্বি-পাক্ষ্যিক আলোচনা অনুস্থিত হয়। উল্লেখযোগ্য যে বিহুবৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চল সমুহত অৱস্থিত শিল ভঙা মেচিন সমুহৰ পৰা নিৰ্গত ধূলি সমূহে বায়ু প্ৰদুষণ সৃষ্টি কৰা সন্দৰ্ভত অঞ্চলটোৰ স্থানীয় সচেতন ৰাইজে নাজিৰা মহকুমা প্ৰশাসনক বিগত সময়ত অৱগত কৰি আহিছিল। এই উদ্দেশ্যে মঙলবাৰে বিহুবৰস্থিত বন বিভাগ আৰু বিহুবৰ আৰক্ষীৰ সমন্বয়ত অনুস্থিত কৰা দ্বি-পাক্ষ্যিক আলোচনাত মহকুমাধিপতি গৰাকীয়ে অঞ্চলটোৰ জনসাধাৰণৰ স্বাৰ্থত প্ৰদুষণ ৰোধ কৰা কেতবোৰ ব্যৱস্থা শিল ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা দলীয়ভাৱে আগতীয়াকৈ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। শিল ভঙা ব্যৱসায়ৰ সমান্তৰালভাৱে সৰ্বসাধাৰণ ৰাইজৰ জনস্বাস্থ্য সুৰক্ষাৰ দিশটো কোনো কাৰণতে অৱহেলাৰ দৃষ্টিৰে নাচাবলৈ মহকুমাধিপতি গৰাকীয়ে উক্ত সভাতে সকিয়াই দিয়ে। ইয়াৰ অন্যথা দ্যা আসাম ক্ৰাচাৰ এচটাব্লিছমেণ্ট এণ্ড ৰেগুলচন ৰোলচ, ২০১৩ অনুসৰি বিহিত আইনী ব্যৱস্থা গ্ৰহণ কৰা হব বুলি তেখেতে উল্লেখ কৰে। ইয়াৰ উপৰিও শিল ভঙা মেচিন অৱস্থিত চৌহদ আৰু ইয়াৰ দাতি কাষৰীয়া অঞ্চলটোৰ অন্যান্য সামাজিক অনুস্থানত প্ৰদুষণ নিয়ন্ত্ৰণ ব্যৱস্থা হিচাপে বাহঁ‌কে আদি কৰি বিভিন্ন বৃক্ষ ৰোপণ কৰি ব্যৱসায়ৰ সমান্তৰাল ভাৱে অঞ্চলটোৰ সৌন্দয্যবৰ্ধণ কৰি সামাজিক দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰা সন্দৰ্ভতো উক্ত সভাতে চৰ্চা কৰা হয়। অঞ্চলটোৰ অন্তৰ্গত শিক্ষানুষ্ঠান সমুহৰ প্ৰতি লক্ষ্য ৰাখি আগন্তক ৩০ জুলাই বা তাৰ আগেয়ে প্ৰদুষণ নিয়ন্ত্ৰ্ক কিছু তৎকালীন ব্যৱস্থা লবলৈ শিল ব্যৱসায়ী সন্থাক মহকুমাধিপতি গৰাকীয়ে নিৰ্দেশ দিয়ে। অনুৰূপধৰণে বিহুবৰ বন বিভাগ আৰু বিহুবৰ আৰক্ষীক সমগ্ৰ বিষয়টোৰ উপৰত পৰ্য্যবেক্ষন কৰি নাজিৰা মহকুমা প্ৰশাসনক নিয়মীয়াকৈ অৱগত কৰি ৰাখিবলৈ কোৱা হৈছে। মঙলবাৰৰ দ্বিপাক্ষ্যিক আলোচনাত শিল ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা তেওলোকে ব্যৱসায়ত সততে সন্মুখীন হৈ অহা কেতবোৰ সমস্যাৰ ওপৰতো আলোচনা কৰে।