ৰঙিয়া, ২০ অক্টোবৰঃ দেৱালীৰ আতচবাজিৰ মাজত ৰঙিয়া সাপ্তাহিক বজাৰৰ এখন তুলাৰ দোকানত পুৱা অগ্নিকাণ্ডৰ সংঘটিত হয়। প্ৰাপ্ত তথ্য মতে, আফজাল হুছেইন নামৰ ব্যৱসায়ীজনৰ দোকানত এই অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ সন্দৰ্ভত অগ্নি নিৰ্বাপক বাহিনীক অৱগত কৰাত দুখন  অগ্নি নিৰ্বাপক গাড়ী আহি জুই নুমুৱাবলৈ সক্ষম হয়। এই অগ্নিকাণ্ডত দোকানখনৰ লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হয়।স্থানীয় লোকে ফটকাৰ ফিৰিঙতিৰ পৰা অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে।