গুৱাহাটী, সংবাদ ৩৬৫, ১৯ এপ্ৰিলঃ ফাঁচী বজাৰৰ পৰা আতৰিল ষ্ট্ৰীট ফেশ্যন, ফাঁচী বজাৰৰ ৪০ বছৰীয়া কাপোৰৰ বজাৰৰ হঠাৎ সমাপ্তি ঘটিল বৃহস্পতিবাৰে। প্ৰশাসনে স্থানান্তৰ কৰিলে ফাঁচী বজাৰৰ ৪০ বছৰীয়া কাপোৰৰ বজাৰখন। কাপোৰৰ বাবে প্ৰসিদ্ধ এছএছ ৰোডত থকা পদপথৰ কাপোৰৰ ব্যৱসায়ীৰ কন্ঠৰ পৰা ভাঁহি অহা একশ একশ বুলি কৈ থকা সেই চিঞৰ আপুনি আৰু শুনা নাপাই ৷ মুম্বাই ফেশ্বন মাৰ্কেট, দিল্লীৰ সৰোজনী মাৰ্কেটৰ দৰে গুৱাহাটীৰ ফাঁচীবজাৰৰ এছএছ ৰোডত থকা পদপথৰ কাপোৰৰ বজাৰখন চিৰদিনৰ বাবে বন্ধ কৰি দিয়ে কামৰূপ জিলা প্ৰশাসনে ৷ ফাঁচী বজাৰৰ এছএছ ৰোডত বহা ৪০ বছৰ পুৰণি কাপোৰৰ বজাৰখন বন্ধ কৰিবৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰা নিৰ্দেশৰ পিচতে বৃহস্পতিবাৰে জিলা প্ৰশাসনে উচ্ছেদ কৰে বজাৰখনৰ কাপোৰৰ দোকান৷ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ২৩০ খন কাপোৰৰ দোকান পৌৰ নিগমৰ বজাৰ গৃহলৈ প্ৰশাসনে স্থানান্তৰ কৰে যদিও ব্যৱসায়ীসকলে মানি লোৱা নাই ন্যায়ালয়ৰ এই নিৰ্দেশ৷ এছএছ ৰোডৰ পৰা পৌৰ নিগমৰ বজাৰ গৃহলৈ ব্যৱসায়ী সকলে প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ কৰে। পৌৰ নিগমে প্ৰদান কৰা বজাৰ গৃহৰ পৰিৱৰ্তে ব্যৱসায়ী সকলে ফাঁচী বজাৰত থকা কাৰাগাৰৰ মাটি কাপোৰৰ বজাৰখন স্থানান্তৰ কৰাৰ দাবী জনাইছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিচত বিহুৱে পূজাই সকলোৱে বিচাৰি যোৱা কাপোৰৰ বজাৰ খন এতিয়া আৰু গ্ৰাহকে নাপাব এছএছ ৰোডত৷ বিলাসী মলৰ পৰিৱৰ্তে অতি কমদামত পচন্দৰ কাপোৰ জোৰ বিচাৰিবলৈ এতিয়াৰ পৰা আপুনি যাব লাগিব পৌৰ নিগমৰ বজাৰ গৃহলৈ৷ উচ্চ ন্যায়ালয়ে প্ৰদান কৰা নিৰ্দেশৰ পিচত যদিও মুকলি হৈ পৰে এছএছ ৰোড কিন্তু স্থান হেৰুৱাক লৈ শংকিত হৈ পৰিছে ব্যৱসায়ী সকল৷